শীতৰ লহৰৰ মাজতে নতুন দিল্লীত বায়ুৰ গুণাগুণ ক্ৰমাগতভাৱে অৱনতি

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত বায়ুৰ গুণাগুণ ক্ৰমাগতভাৱে অৱনতি ঘটিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি সোমবাৰে পুৱা ৭:৩০ বজাত বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৪০৩ত ৰেকৰ্ড কৰা হয়, যিটো ‘গুৰুতৰ’ শ্ৰেণীত পৰে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কুঁৱলী আৰু ধূলিৰ পাতল তৰপ এটাই চহৰখনক আৱৰি ধৰিছে। ইয়াৰ লগতে কিছু কিছু অঞ্চলত কিনকিনীয়া বৰষুণ পৰি আছে, যাৰ ফলত দৃশ্যমানতা একেবাৰে হ্ৰাস পাইছে।
 
ইয়াত পুৱা ৫:৩০ বজাত সৰ্বনিম্ন তাপমাত্ৰা ৯.২ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। ইয়াৰ পিছতে পাতল বৰষুণৰ সৈতে আকাশ ডাৱৰীয়া হৈছে। বৰষুণৰ ফলত দিল্লীবাসীয়ে প্ৰচণ্ড শীত অনুভৱ কৰিছে যদিও প্ৰদূষণৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে।
 
ৱাজিৰপুৰ (৪৬৪), অশোক বিহাৰ (৪৬০), মুণ্ডকা (৪৪৬), বুৰাৰী ক্ৰছিং (৪৪৫) আৰু আনন্দ বিহাৰ (৪৪৩)কে ধৰি দিল্লীৰ কেইবাটাও অঞ্চলত একিউআইৰ মাত্ৰা বিপজ্জনক মাত্ৰাত উপনীত হৈছে। উল্লেখযোগ্য যে, দ্বাৰকা-ছেক্টৰ ৮ (৩৯৩) আৰু নাজাফগড় (৩৭২)ৰ বায়ুৰ গুণাগুণ গুৰুতৰ পৰ্যায়তকৈ অলপ তলত আছে।
 
দিল্লীৰ বহু অঞ্চলত একিউআই ৩০০ৰ পৰা ৪০০ৰ ভিতৰত ৰেকৰ্ড কৰা হৈছে। ড° কৰ্ণী সিং শ্বুটিং ৰেঞ্জত ৩৯৯, দ্বাৰকা ছেক্টৰ-৮ত ৩৮৯, আই জি আই বিমানবন্দৰত ৩৫১, জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৪০০, লোধি ৰোডত ৩৭৬, মন্দিৰ মাৰ্গত ৪০০, শদিপুৰত ৩৭৩, শ্ৰী অৰবিন্দ মাৰ্গত ৩৬১ ৰেকৰ্ড কৰা হৈছে।
 
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাক দিল্লীৰ দৰে ফটকা নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে GRAP-4 আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়ম, ২০১৬ কঠোৰভাৱে কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে এনচিআৰ ৰাজ্যসমূহক জিআৰপি-৪ৰ ব্যৱস্থা মানি চলাৰ ওপৰত নজৰ ৰাখিবলৈ দিল্লীৰ প্ৰৱেশ পইণ্টত দল মোতায়েন কৰিবলৈও নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে।