স্পাইচজেটৰ ১০% অংশীদাৰিত্ব বিক্রী কৰিব অজয় সিঙে

Story by  atv | Posted by  [email protected] • 2 d ago
স্পাইচজেটৰ ১০% অংশীদাৰিত্ব বিক্রী কৰিব অজয় সিঙে
স্পাইচজেটৰ ১০% অংশীদাৰিত্ব বিক্রী কৰিব অজয় সিঙে
 
নতুন দিল্লী
 
বিত্তীয় সংকটত জৰ্জৰিত বিমান প্রতিষ্ঠান স্পাইচজেটৰ মুৰব্বী অজয় সিঙে বিমান প্রতিষ্ঠানটোৰ ১০ শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ পৰিকল্পনা কৰিছে।
 
পুঁজি সংগ্ৰহৰ উদ্দেশ্যে অজয় সিঙে এই অংশীদাৰিত্ব বিক্ৰী কৰিব বুলি জানিব পৰা গৈছে। এটা সূত্রই জনোৱামতে চলিত মাহৰ শেষলৈকে এই চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে।
 
উল্লেখ্য যে বিত্তীয় প্রত্যাহ্বান দূৰ কৰাৰ উদ্দেশ্যে স্পাইচজেট বিমান প্রতিষ্ঠানটোৱে পুঁজি সংগ্ৰহ কৰিব বিচাৰিছে। সূত্ৰটোৰ মতে যদিহে সকলো চৰ্ত পূৰণ হয়, তেতিয়াহ'লে অজয় সিঙে স্পাইচজেটৰ ১৫ শতাংশপর্যন্ত অংশীদাৰিত্ব বিক্ৰী কৰিব পাৰে। অজয় সিং হৈছে বিমান প্রতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক।