পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীক সাক্ষাৎ অমিত শ্বাহৰ

Story by  atv | Posted by  [email protected] • 21 h ago
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীক সাক্ষাৎ অমিত শ্বাহৰ
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীক সাক্ষাৎ অমিত শ্বাহৰ
 
নতুন দিল্লী
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন লোকৰ পৰিয়াল আৰু আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰে। এই সময়ছোৱাত তেওঁক আৱেগিক যেন দেখা যায়। ইয়াৰ লগতে তেওঁ সন্ত্ৰাসবাদীকো সকীয়নি দিয়ে। তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই। সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাৰ বেদনা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে। এই দুখক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।
 
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এক অনুষ্ঠানত এই আক্ৰমণত নিহত হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে গধুৰ হৃদয়েৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শেষ শ্ৰদ্ধাঞ্জলি জনাইছো। এই সকলোৰে পৰিয়াল আৰু সমগ্ৰ ৰাষ্ট্ৰক আশ্বাস দিছো যে নিৰীহ লোকক হত্যা কৰা এই সন্ত্ৰাসবাদীক একেবাৰেই ৰেহাই দিয়া নহ’ব।
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই মঙলবাৰে নিশাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰত উপস্থিত হয়। ইয়াত তেওঁ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু সেনা আৰু প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বুধবাৰে পুৱা তেওঁ পহলগামৰ বায়ছাৰণ উপত্যকাৰ ঘটনাস্থলীত উপস্থিত হয়। তেওঁ এই আক্ৰমণ সন্দৰ্ভত সম্পূৰ্ণ তথ্য লয়।


শেহতীয়া খবৰ