আৱাজ দ্য ভইচ / বাৰাণসী
সমগ্ৰ দেশতে শাৰদীয় নৱৰাত্ৰি আৰু ৰামলীলা মহোত্সৱ অতি উৎসাহেৰে পালন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ বিজয়া দশমী অথবা দশেৰাৰ প্ৰস্তুতিয়েও গতি লাভ কৰিছে। এইবাৰ ১২ অক্টোবৰত দেশজুৰি বিজয়া দশমী উদযাপন কৰা হ’ব। বাৰাণসীৰ বিএলডব্লিউ খেলপথাৰত ৭৫ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হ’ব। বিজয়া দশমীৰ বাবে খেলপথাৰখনত ৰাৱণৰ প্ৰতিমূৰ্তিৰ লগতে মেঘনাদ আৰু কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তিও প্ৰস্তুত কৰা হৈছে।
মনকৰিবলগীয়া কথাটো হ’ল মুছলমান সমাজৰ শিল্পীসকলে এই মূৰ্তিবোৰ প্ৰস্তুত কৰি আছে। এই পৰম্পৰা বছৰ বছৰ ধৰি চলি আহিছে আৰু মুছলমান শিল্পীসকলে প্ৰতিবাৰে মূৰ্তি বনাই আছে।
শিল্পী ছামশ্বাদ খানে কয়, “আমাৰ মামা আৰু মামাহঁতৰ ককায়েও ৰাৱণ, মেঘনাদ আৰু কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰিছিল। এতিয়া আমিও এই পৰম্পৰা অব্যাহত ৰাখিছো। আমি এই কামত সুখ বিচাৰি পাওঁ।"
শিল্পী ছামশ্বাদ খান
খানে কয় যে তেওঁৰ পৰিয়ালৰ ১০ৰ পৰা ১২জন সদস্যই প্ৰতিমূৰ্তি নিৰ্মাণৰ সৈতে জড়িত হৈ আছে। এইবাৰ বাৰাণসীবাসীয়ে ৭৫ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তি, ৬৫ ফুট ওখ কুম্ভকৰ্ণ আৰু ৫৫ ফুট ওখ মেঘনাদৰ প্ৰতিমূৰ্তি দেখিবলৈ পাব।
ছামশ্বাদে কয়, ‘ৰামলীলা কমিটীয়ে আমাক প্ৰতিবাৰেই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰে। ইয়াত হিন্দু-মুছলমান ঐক্যৰ ভাৱধাৰা এতিয়াও অব্যাহত আছে। আমি সকলো ধৰ্মকে সন্মান কৰো। আমাৰ মাজত কোনো ধৰণৰ বৈষম্য নাই।"
ইফালে, বিগত ২০ বছৰে এই কামত নিয়োজিত হৈ থকা সুব্ৰতী খানে কয় যে তেওঁ এই কামটো তেওঁৰ ভাতৃৰ নিৰ্দেশনাত কৰি আছে। মূৰ্তিবোৰ প্ৰস্তুত কৰাৰ কাম ডেৰ মাহ ধৰি চলি আছে, আৰু ই বহুত কষ্টকৰ কাম বুলিও খানে উল্লেখ কৰে।
এই ধৰণৰ কামত সামান্য ভুল হ’লেও সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰিবলৈ বাধ্য হ’ব পাৰে। প্ৰতি বছৰৰ দৰে এইবাৰো বাৰাণসীত ৰাৱণ, মেঘনাদ আৰু কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি দাহ কৰাৰ সময়ত বৃহৎ সংখ্যক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে।