গামোচাত হাতীৰ প্ৰতীকেৰে মানৱ-হাতী সহাৱস্থানৰ বাৰ্তা

Story by  atv | Posted by  [email protected] • 6 Months ago
গামোচাত হাতীৰ প্ৰতীকেৰে মানৱ-হাতী সহাৱস্থানৰ বাৰ্তা
গামোচাত হাতীৰ প্ৰতীকেৰে মানৱ-হাতী সহাৱস্থানৰ বাৰ্তা
 
গুৱাহাটী
 
স্থানীয় লোকৰ আন্তৰিক সমৰ্থন অবিহনে মানুহ-বন্যপ্ৰাণীৰ সহাৱস্থানক উদগনি যোগোৱাটো সম্ভৱ নহয় । এই কথা সাৰোগত কৰি আৰু পূৱ অসমৰ জিলাসমূহত স্থানীয় লোকৰ সহযোগত মানৱ হাতী সহাৱস্থানক উদগনি যোগোৱাৰ বৃহত্তৰ স্বাৰ্থত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে স্থানীয় মহিলা হস্ততাঁত শিপিনীসকলক উচ্চমানৰ সূতা প্ৰদানৰ লগতে প্ৰশিক্ষণ দিয়াৰ এক পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহযোগ আৰু ডাৰউইন ইনিচিয়েটিভৰ সহায়ত আৰণ্যকে গ্ৰহণ কৰা এই পদক্ষেপৰ অধীনত এই পৰ্যন্ত পূব অসমৰ যোৰহাট (৪০ ঘৰ), শিৱসাগৰ (৪৩), মাজুলী (৬০), ডিব্ৰুগড় (৪৮) আৰু তিনিচুকীয়া (১২) জিলাৰ ২০০ ৰো অধিক বোৱনীক তেওঁলোকৰ পৰিয়ালৰ গড় আয় বৃদ্ধি কৰাত সহায় কৰিবলৈ উচ্চমানৰ সূতা যোগান ধৰিছে।
 
হাতী সংৰক্ষণক উদগনি যোগোৱাৰ প্ৰচেষ্টাৰ লগত সংগতি ৰাখি আৰণ্যকে এই শিপিনীসকলৰ কিছুসংখ্যকক আমাৰ পৰিৱেশ তন্ত্ৰ, লোককথাত এই বিশাল প্ৰাণীটোৰ গুৰুত্বক উজলাই তুলিব পৰাকৈ হাতীৰ প্ৰতিচ্ছবি সম্বলিত গামোচা বোৱাৰ বাবে অনুপ্ৰাণিত কৰিছে।
 
সূতাৰ অব্যাহত যোগান নিশ্চিত কৰি আৰণ্যকে এই হস্ততাঁত শিপিনীসকলক উচিত উপাৰ্জনৰ লগতে পূৱ অসমৰ বিশেষকৈ জনজাতীয় শিপিনীসকলে বোৱা পৰম্পৰাগত হস্ততাত সামগ্ৰীৰ বাবে বিখ্যাত মাজুলীৰ পৰম্পৰাগত হস্ততাত বয়ন শিল্পকলাৰ সংৰক্ষণৰ সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকক বহনক্ষম জীৱিকাৰ প্ৰতি বৰঙণি যোগোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে।
 
শিপিনীসকলে বোৱা গামোচা
 
পূৱ অসমৰ মানৱ-হাতী সংঘাত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ হস্ততাঁত সামগ্ৰীত মূল্য সংযোজন কৰাৰ চেষ্টাৰ অংশ হিচাপে আৰণ্যকে মহিলা হস্ততাঁত শিপিনীসকলক উচ্চমানৰ সূতা যোগান ধৰাৰ লগতে তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে উন্নত প্ৰশিক্ষণৰ কৌশল গ্ৰহণ কৰিছে।
 
এই পৰ্যন্ত যোৰহাট জিলাৰ ৬৫ গৰাকী, শিৱসাগৰ জিলাৰ ৬৮ গৰাকী, মাজুলী জিলাৰ ৭১ গৰাকী, ডিবুগড় জিলাৰ ৬৫ গৰাকী আৰু তিনিচুকীয়া জিলাৰ ১১ গৰাকী শিপিনীক তেওঁলোকৰ সামগ্ৰীৰ মান উন্নত কৰাৰ প্ৰশিক্ষণ প্ৰদিয়া হৈছে।
 
এই শিপিনীসকলৰ প্ৰতিগৰাকীকে ৫ কিলোগ্ৰামকৈ উচ্চমানৰ সূতা প্ৰদান কৰা হৈছিল। এই শিপিনীসকলৰ পৰিয়ালৰ গড় মাহিলী আয় প্ৰায় ৫০০০ টকা।এই পাঁচখন জিলাৰ শিপিনীসকলক আৰণ্যকে নিয়োগ কৰা “মাষ্টাৰ ট্ৰেইনাৰ” নন্দেশ্বৰ ডেকাৰ জৰিয়তে মুঠ ১১ দিনৰ প্ৰশিক্ষণ দিয়া হৈছিল।
 
মানৱ বসতি থকা বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী ইয়াৰ বহু বাসিন্দা, বিশেষকৈ মিছিং জনজাতীয় লোকসকলৰ হস্ততাঁত বয়ন পৰম্পৰাকে ধৰি চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে পৰিচিত । কিন্তু অঞ্চলটোৰ শিপিনীসকলে সূতাৰ দৰে কেঁচামালৰ সীমিত সুবিধাকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
 
মাজুলীৰ ৰীণা দলে (২২) আৰণ্যকৰ এই পদক্ষেপৰ জৰিয়তে উপকৃত হোৱা অন্যতম শিপিনী। সাতজনীয়া সদস্যৰ ৰীণাৰ পৰিয়ালৰ মাত্ৰ দুবিঘা মাটিহে আছে। তেওঁৰ পৰিয়ালৰ বাৰ্ষিক আয় প্ৰায় ৭০ হেজাৰ টকা।
 
আৰণ্যকে সূতা প্ৰদান আৰু প্ৰশিক্ষণৰ বাবে বাছি লোৱাৰ আগলৈকে কৃষিয়েই ৰীণাৰ জীৱিকাৰ প্ৰধান উৎস আছিল । তেওঁ বয়নৰ লগত জড়িত আছিল যদিও সামগ্ৰীবোৰ কেৱল পৰিয়ালৰ সদস্যৰ বাবেহে আছিল। আৰণ্যকৰ পৰা পোৱা ৫ কিলোগ্ৰাম সূতাৰে ৰীণা দলেই দুযোৰ চাদৰ আৰু মাখেলা (অসমীয়া মহিলাৰ পৰম্পৰাগত সাজ) বৈ উলিয়ায় আৰু প্ৰতিযোৰ ২০০০ টকাকৈ বিক্ৰী কৰে। এই টকাৰে তেওঁ প্ৰয়োজনীয় কিছু সামগ্ৰী আৰু ল’ৰা-ছোৱালীৰ বাবে কিতাপ কিনিব পাৰিলে। 
 
ৰীণা দলেই কয়, “হস্ততাঁত বয়নকেই আমাৰ অঞ্চলটোৰ লোকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰম্পৰাগত বৃত্তি হিচাপে গ্ৰহণ কৰি আহিছে। কিন্তু যিমানেই পৰম্পৰাগত নহওক কিয়, হস্ততাঁত খণ্ডটো বৰ্তমান অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। উন্নত মানৰ সূতাৰ অভাৱ,  ব্যয়বহুল উৎপাদন  আৰু বজাৰৰ সীমিত সুযোগ আদি আমি সন্মুখীন হোৱা কেতবোৰ ডাঙৰ সমস্য” । তেওঁ লগতে কয় যে আৰণ্যকৰ পৰা সূতাৰ সমৰ্থন লাভ কৰাৰ পাছত শিপিনীসকলে বোৱা বস্ত্ৰৰ গুণাগুণ আৰু স্থায়িত্বলৈ বৃহৎ পৰিবৰ্তন আহিছে । ইয়াৰ ফলত হস্ততাঁত বস্ত্ৰৰ মূল্য আৰু বজাৰৰ চাহিদা বৃদ্ধি পাইছে।
 
তেওঁ লগতে মন্তব্য কৰে যে সূতাৰ সমৰ্থনে শিপিনীসকলক বাবে তেওঁলোকৰ সামগ্ৰীৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰিছে। আৰণ্যকে শিপিনীসকলক উন্নত মানৰ সূতা যোগান ধৰাই নহয়, বিভিন্ন পৰিৱেশ অনুকূল আৰু প্ৰাকৃতিক আঁহৰ সৈতেও পৰিচয় কৰাই দিছে । ইয়াৰ ফলত তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ গ্ৰাহকক আকৰ্ষণ কৰা বহনক্ষম সামগ্ৰী সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
 
আৰণ্যকে অভিজ্ঞ বস্ত্ৰ বিশেষজ্ঞৰ দ্বাৰা দিয়া প্ৰশিক্ষণে শিপিনীসকলক তেওঁলোকৰ বয়ন কৌশল উন্নত কৰা আৰু নতুন ডিজাইনৰ প্ৰৱৰ্তনত সহায় কৰিছে। ইয়াৰ ফলত শিপিনীসকলৰ গড় আয় আৰু জীৱিকাৰ উন্নতি ঘটিছে। শিপিনীসকলৰ আয় যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিত্বত এতিয়া তেওঁলোকে নিজৰ পৰিয়ালক ভালদৰে পোহপাল দিয়াৰ লগতে সন্তানৰ শিক্ষা আৰু স্বাস্থ্যৰ যতনত বিনিয়োগ কৰিবলৈ সক্ষম হৈছে।