কহৰা
বিকল্প বহনক্ষম জীৱিকা পদক্ষেপৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ৰাভা এগ্ৰ’টেকৰ সহযোগত শেহতীয়াকৈ প্ৰান্তীয় কাৰ্বি গাঁওবাসীসকলৰ বাবে গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ এক বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে।
প্ৰান্তীয় পৰিয়ালসমূহৰ বাবে গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ জৰিয়তে বিকল্প বহনক্ষম জীৱিকাত সহায় কৰাৰ উদ্দেশ্যেৰে অসমৰ কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপৰ ১০খন গাঁৱৰ আগ্ৰহী গাঁওবাসীসকলক লক্ষ্য কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ ২২ জুনত আৰম্ভ হয় আৰু যোৱা ১৮ জুলাইত সমাপ্ত হয়।
প্ৰাৰম্ভিক প্ৰশিক্ষণত ১০ খন গাঁওৰ পৰা ২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰি ধানৰ খেৰ কটা, কাঠফুলাৰ চিলিণ্ডাৰ প্ৰস্তুত কৰা আদি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া শিকে। তাৰ পিছত এই চিলিণ্ডাৰবোৰ ২০-২৫ দিন এটা আন্ধাৰ কোঠাত ৰখা হয়।
প্ৰশিক্ষণৰ দৃশ্য
২৫ দিনৰ অন্তত চন্দ্ৰসিং ৰংপিয়ে গাঁও ত ১৯ গৰাকী অংশগ্ৰহণকাৰীক লগত লৈ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত কাঠফুলাৰ চিলিণ্ডাৰত বালি আৰু ভাৰ্মিকম্পোষ্ট ঢলা প্ৰক্ৰিয়া, নিৰ্দিষ্ট প্ৰয়োজনীয়তা আৰু বালি আৰু জৈৱিক সাৰক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰে বীজাণুমুক্ত কৰাৰ দৰে উন্নত পদক্ষেপসমূহো প্ৰশিক্ষকে শিকায়।
প্ৰশিক্ষণৰ মূল ফলাফল হয় যে প্ৰশিক্ষণত অংশগ্ৰহণকাৰীয়ে নিজ নিজ গাঁৱত একেধৰণৰ প্ৰশিক্ষণৰ আয়োজন আৰু আগ্ৰহী ব্যক্তিসকলক প্ৰশিক্ষণ দিবলৈ সন্মত হয়। এই পদ্ধতিৰ লক্ষ্য হৈছে কেন্দ্ৰীয় প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব নোৱাৰা আগ্ৰহী ব্যক্তিসকললৈ জ্ঞান সম্প্ৰসাৰিত কৰা, কাঠফুলা খেতিৰ কৌশলৰ প্ৰসাৰ নিশ্চিত কৰা।
দিনটোৰ কাৰ্যসূচীত আৰণ্যকৰ জ্যেষ্ঠ প্ৰকল্প বিষয়া চাৰলংজন টেৰনৰ আদৰণি ভাষণ আৰু কাঠফুলা প্ৰশিক্ষক মনোৰঞ্জন শইকীয়াৰ নেতৃত্বত হাতে কামে প্ৰশিক্ষণ আৰু আলোচনাৰ সৈতে ব্যৱহাৰিক অধিবেশন অনুষ্ঠিত হয় যিয়ে অংশগ্ৰহণকাৰীসকলক গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ বাবে জড়িত পদক্ষেপসমূহ শিকায় আৰু লগতে কাঠফুলা খেতিৰ জৰিয়তে আৰ্থিক সমৃদ্ধিৰ সম্ভাৱনা বিষয়ে অৱগত কৰায়।
আৰণ্যকৰ বাকী আয়োজক দলটোত আছিল প্ৰকল্প বিষয়া যোছনা টেৰাংপি, সহকাৰী প্ৰকল্প বিষয়া (প্ৰশিক্ষাৰ্থী) সৰলংকি টেৰন, ক্ষেত্ৰ সহায়ক প্ৰকাশ এংটি আৰু বিউটি টেৰাংপি আৰু স্বেচ্ছাসেৱক ষ্টেফান টকবি।