সাহসিকতা বঁটাত আধিপত্য বিস্তাৰ কৰে জম্মু-কাশ্মীৰৰ সীমান্তত নিয়োজিত সশস্ত্ৰ বাহিনীয়ে

Story by  atv | Posted by  Munni Begum • 2 Months ago
জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক ফিৰোজ আহমেদ ডাৰে ৰাষ্ট্ৰপতি মূৰ্মূৰ পৰা শৌৰ্য চক্ৰ গ্ৰহণ কৰাৰ এক মূহুৰ্ত
জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক ফিৰোজ আহমেদ ডাৰে ৰাষ্ট্ৰপতি মূৰ্মূৰ পৰা শৌৰ্য চক্ৰ গ্ৰহণ কৰাৰ এক মূহুৰ্ত
 
নতুন দিল্লী
 
জম্মু-কাশ্মীৰৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আৰু ছত্তিশগড়ৰ দৰে ৰাজ্যৰ বাওঁপন্থী উগ্ৰপন্থীক প্ৰতিহত কৰিবলৈ সেনা আৰু আৰক্ষী বাহিনীয়ে কৰি অহা অহৰহ চেষ্টাৰ বাবে তেওঁলোকক সাহসিকতা বঁটাৰে স্বীকৃতি প্ৰদান কৰা হয়। দেশৰ ৰক্ষা আৰু জনসাধাৰনৰ নিৰাপত্তাৰ স্বাৰ্থত শত্ৰুৰ বিৰুদ্ধে চলাই অহা নিস্বাৰ্থ অৱদানৰ বাবে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত সাহসিকতা বঁটা প্ৰদান অনুষ্ঠানত তেওঁলোকৰ এই স্বীকৃতি দিয়া হয়।         
 
ৰাষ্ট্ৰপতি দ্ৰৌপাদী মূৰ্মূৱে তেওঁলোকৰ ব্যতিক্ৰমী সাহস আৰু সেৱাক স্বীকৃতি দি দেশৰ শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ব্যক্তিসকলক ১০ টা কীৰ্তি চক্ৰ আৰু ২৩ টা শৌৰ্য চক্ৰ প্ৰদান কৰিছে।   
 
ছয়গৰাকী সেনা জোৱানক জম্মু-কাশ্মীৰৰ ভিতৰত আৰু নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে ভাৰতৰ দ্বিতীয় শান্তিকালীন বীৰত্ব বঁটা কীৰ্তি চক্ৰ প্ৰদান কৰা হয়। কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া ইয়াৰে তিনিগৰাকীক  মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হয়। 
মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ বঁটা লাভ কৰা সকলৰ ভিতৰত আছিল এগৰাকী কাশ্মীৰী সেনা জোৱান নৱম বেটেলিয়ন দ্য পেৰাচ্যুট ৰেজিমেণ্ট (বিশেষ বাহিনী) হাভিলদাৰ আব্দুল মজিদ। তেওঁ ২০২৩ চনৰ নৱেম্বৰ মাহত ৰাজৌৰী জিলাৰ বনাঞ্চলত তালাচী অভিযানৰ সময়ত ব্যতিক্ৰমী সাহস আৰু নিস্বাৰ্থতা প্ৰদৰ্শন কৰিছিল। তেওঁ এজন আহত বিষয়াক উদ্ধাৰ কৰাৰ লগতে এজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল।   
 
ছত্তিশগড় ৰাজ্যত সশস্ত্ৰ বাওঁপন্থী উগ্ৰপন্থীৰ সৈতে যুঁজ দি থকাৰ সময়ত প্ৰাণ আহুতি দিয়া চি আৰ পি এফৰ চাৰিজন জোৱানকো মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ প্ৰদান কৰা হয়। জম্মু-কাশ্মীৰ আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই বাহিনীক পাঁচটা শৌৰ্য্য চক্ৰ প্ৰদান কৰা হৈছে। যিটো হৈছে দেশৰ সেৱা কৰাৰ সময়ত সাহস আৰু বীৰত্বৰ বাবে শান্তিকালীন তৃতীয় সৰ্বোচ্চ বীৰত্ব বঁটা।  
 
বঁটা বিজয়ীসকলৰ ভিতৰত আছে চেলেকচন গ্ৰেডৰ কনিষ্টবল ছাইফ উল্লা কাদ্ৰী। তেওঁ ২০২২ চনত সন্ত্ৰাসবাদী সৈতে যুঁজ দি নিজৰ প্ৰাণ আহুতি দিছিল। তেওঁ নিজৰ জীৱন ত্যাগ কৰাৰ পূৰ্বে দুজন সন্ত্ৰাসবাদীক হত্যা কৰি অসাধাৰণ সাহসিকতা প্ৰদৰ্শন কৰিছিল। আন কেইজন হৈছে ডিৱাইএছপি (বৰ্তমানৰ এছপি) মোহন লাল, উপ পৰিদৰ্শক অমিত ৰাইনা আৰু ফিৰোজ আহমেদ আৰু কেডেট বৰুণ সিং।
ৰাষ্ট্ৰপতিয়ে ৰাজৌৰীৰ গাঁও প্ৰতিৰক্ষা সমিতি (গাঁও প্ৰতিৰক্ষা ৰক্ষী বুলি নামাকৰণ কৰা) সদস্য পৰশোত্তম কুমাৰকো শৌৰ্য্য চক্ৰ প্ৰদান কৰে। পৰশোত্তম নামৰ কৃষকজনে সন্ত্ৰাসবাদীসকলক অনুসৰণ কৰাৰ সময়ত উল্লেখনীয় দেশপ্ৰেম আৰু সাহসিকতা প্ৰদৰ্শন কৰিছিল। পৰশোত্তমে নিৰাপত্তা বাহিনী অহালৈকে তেওঁলোকৰ সৈতে যুঁজ দি আছিল, যাৰ ফলত এজন সন্ত্ৰাসবাদীৰ মৃত্যুও হৈছিল। 
 
গাঁও প্ৰতিৰক্ষা ৰক্ষী হৈছে জম্মু-কাশ্মীৰৰ জম্মু বিভাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা হিচাপে জম্মু-কাশ্মীৰ চৰকাৰে গঠন কৰা আত্মৰক্ষা সমিতি। 
 
এই বীৰ বিষয়াসকলৰ সাহস আৰু বীৰত্বৰ শলাগ লৈ আৰক্ষী অধীক্ষক আৰ আৰ শ্বোৱাইনে তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে, এইসকল সাহসী বিষয়া আৰু বীৰকৰ্মীসকলে নিজৰ সমৰ্পণেৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰিয়াললৈ সন্মান আৰু গৌৰৱ কঢ়িয়াই আনিছে।  
কমবয়সীয়া পত্নীকে ধৰি পৰিয়ালৰ সদস্যসকলে দেশৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া বীৰ পুৰুষসকলৰ বাবে বীৰত্বৰ বঁটা লাভ কৰাটো অনুষ্ঠানত উপস্থিত থকাসকলৰ বাবে এক অতি মাৰ্মান্তিক দৃশ্য আছিল। 
 
এই তালিকাত মেজৰ মুস্তাফা বোহাৰা আৰু ২৫২ আৰ্মী এভিয়েশন স্কোয়াড্ৰনৰ অভিভাৱকসকল অন্তৰ্ভুক্ত কৰা হৈছিল। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁলোকৰ পুত্ৰসকলে দেশৰ সুৰক্ষাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰাৰ বাবে এনেদৰে সন্মানিত কৰা হৈছিল। হেলিকপ্টাৰত জুই লগা স্বত্বেও মেজৰ বোহাৰাই ব্যতিক্ৰমী সাহসিকতা আৰু উৰণ দক্ষতা প্ৰদৰ্শন কৰি বিমানখন সুৰক্ষিত স্থানলৈ লৈ গৈছিল।