কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ; এজন জোৱান ছহিদ, এজন সন্ত্ৰাসবাদী নিহত

Story by  atv | Posted by  [email protected] • 1 Months ago
কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ
কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ
 
জম্মু
 
যোৱা ২৪ ঘণ্টাত সংঘটিত হোৱা দুটাকৈ এনকাউণ্টাৰৰ ঘটনাত জম্মু-কাশ্মীৰত এতিয়ালৈকে এটা সন্ত্ৰাসবাদী নিহত হৈছে। আনহাতে ছহিদ হৈছে এগৰাকী সেনা জোৱান। আহত হৈছে আন এজন জোৱান। জানিব পৰা মতে কুপৱাৰাত এতিয়াও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই অভিযান অব্যাহত ৰাখিছে।
 
প্ৰকাশিত তথ্য অনুসৰি সেনাই বিশেষ সূত্ৰে খবৰ লাভ কৰিছিল কুপৱাৰাত সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে। ইয়াৰ পিছতেই বুধবাৰে সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে অভিযান আৰম্ভ কৰে।
 
এই অভিযানৰ মাজতে দুয়ো পক্ষৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষতে এটা সন্ত্ৰাসবাদী নিহত হৈছে। সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হৈছে এজন জোৱান। অৱশ্যে এতিয়ালৈকে নিহত সন্ত্ৰাসবাদীটোৰ মৃতদেহ সেনাই উদ্ধাৰ কৰিব পৰা নাই।
 
ইয়াৰ পূৰ্বে মঙ্গলবাৰে পুঞ্চত সেনা, আৰক্ষীৰ যৌথ অভিযানত আন এটা সন্ত্ৰাসবাদী নিহত হৈছিল। ছহিদ হৈছিল লেঞ্চ নায়ক সুভাষ কুমাৰ। মঙ্গলবাৰে নিশা হোৱা সংঘৰ্ষত তেওঁ গুৰুতৰভাৱে আহত হৈছিল।
 
পৰৱৰ্তী সময়ত তেওঁ মৃত্যু বৰণ কৰে। ইয়াৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ অন্তত ছহিদ সেনা জোৱান জনৰ নিথৰ দেহ পৰিয়ালৰ হাতত গতাই দিয়া হয়।
 
উল্লেখ্য যে, শেহতীয়াকৈ কাশ্মীৰত সেনাৰ ওপৰত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি আহিছে। চলতি বছৰৰ আৰম্ভণিৰ পৰা এই পৰ্যন্ত কাশ্মীৰৰ ৬ খন জিলাত ১৪ টাকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছে।
 
এই আক্ৰমণত মুঠ ২৭ জনৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১১ জন সেনা জোৱান ছহিদ হৈছে। তথ্য অনুসৰি কাশ্মীৰ উপত্যকাক উত্তপ্ত কৰি তুলিবলৈ পাকিস্তানৰ পৰা ইতিমধ্যে সন্ত্ৰাসবাদী প্ৰৱেশ কৰি কাশ্মীৰৰ বিভিন্ন অঞ্চলত বাহৰ পাতিছে।
 
এই সন্ত্ৰাসবাদীসকলৰ হাতত আছে আমেৰিকাত নিৰ্মিত এম-৮ কাৰ্বাইন আদিৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ। তাৰোপৰি আছে চীনত নিৰ্মিত ষ্টীল কোটেড বুলেট। এই বুলেটৰ বুলেট প্ৰুফ বাহনকো ভেদিব পৰা ক্ষমতা আছে।