অনির্দিষ্টকাললৈ অসম সাহিত্য সভাক বৰ্জনৰ আহ্বান অসম গৰিয়া পৰিষদৰ

Story by  atv | Posted by  Munni Begum • 14 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
অসমৰ জাতীয় সংগঠন হিচাপে পৰিচিত অসম সাহিত্য সভাক অনির্দিষ্টকাললৈ বৰ্জনৰ আহ্বান জনাইছে অসম গৰিয়া পৰিষদে। সংগঠনটোৰ সভাপতি আব্দুল হামিদ আৰু কাৰ্যকৰী সভাপতি মইনুল হকে এক বিবৃতিত এই আহ্বান জনাই কয় যে, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা ৰাজ্যৰ মুছলমানসকলক অসম সাহিত্য সভাই অৱহেলা কৰা পৰিলক্ষিত হৈছে।
 
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালাৰ বজালী অধিৱেশনৰ নিমন্ত্রণী পত্ৰখনত ৰাজ্যৰ এজনো মুছলমানৰ নাম উল্লেখ কৰা নাই। কেৱল ধর্মটো ইছলাম হোৱাৰ কাৰণেই খিলঞ্জীয়া গৰিয়া মুছলমানসকলক অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানে অৱজ্ঞা কৰিছে। এই অভিযোগ উত্থাপন কৰিছে অসম গৰিয়া পৰিষদে। 
 
পৰিষদৰ সভাপতি আব্দুল হামিদ আৰু কাৰ্যকৰী সভাপতি মইনুল হকে কয় যে, অসমৰ ভাষা, সাহিত্য, সংস্কৃতিত অৱদান যোগাই অহা অসমীয়া খিলঞ্জীয়া মুছলমানসকলক সাহিত্য সভাই অৱহেলা কৰাটো গ্রহণযোগ্য নহয়। অসমত বাস কৰা অন্য জনগোষ্ঠীসমূহৰ সুকীয়া ভাষা, সংস্কৃতি-সাজপাৰ আছে, কিন্তু গৰিয়াসকলৰ কোনো ভাষা, সংস্কৃতি, সাজপাৰ নাই। অসমীয়া মূল সমাজৰ সাজপাৰসমূহ আৰু অসমীয়া ভাষাই গৰিয়াসকলকে ধৰি খিলঞ্জীয়া মুছলমানসকলৰ ভাষা। তাৰ পিচতো অসম সাহিত্য সভাই এই গৰিয়া খিলঞ্জীয়া লোকসকলৰ ধৰ্মটো ইছলাম হোৱাৰ বাবে সাহিত্য সভাৰ নিমন্ত্ৰণী পত্ৰখনত এজনো ব্যক্তিৰ নাম উল্লেখ নকৰিলে।
 
তেওঁলোকে লগতে কয় যে, অসম সাহিত্য সভাৰ একাংশ প্রতিনিধিয়ে মুছলমানসকলক হেয় প্রতিপন্ন কৰাৰ কাৰণে এই কাণ্ড সংঘটিত কৰিছে। অসম সাহিত্য সভাৰ দৰে মহান অনুষ্ঠানটো একাংশ সাম্প্রদায়িক ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈছে, পাঠশালা বজালী অধিৱেশনৰ নিমন্ত্রণী পত্রখনেই তাৰ প্রমাণ। এনে ব্যক্তিৰ মনোবৃত্তিৰ কাৰণে অসমত সময়ে সময়ে ইছলামিক সাহিত্য সভা গঠনৰো কুচকাৱাজ দেখা গৈছে। সেয়েহে অসম গৰিয়া পৰিষদে ৰাজ্যৰ গৰিয়াকে ধৰি সকলো মুছলমান লোকসকলক অনির্দিষ্টকালৰ বাবে অসম সাহিত্য সভাক বর্জন কৰিবলৈ আহ্বান জনাইছে। 
 
এইক্ষেত্রত অসম সাহিত্য সভাই আনকি আনুষ্ঠানিকভাৱে ক্ষমা খোজাৰ দাবী তুলিছে ৰাজ্যৰ মুছলমানসকলৰ কাৰণে মাত মাতি অহা অসম গৰিয়া পৰিষদৰ নেতৃবর্গই।