বেংগালুৰু-কামাখ্যা এচি এক্সপ্ৰেছ কটকত দূৰ্ঘটনাগ্ৰস্ত

Story by  atv | Posted by  [email protected] • 2 d ago
লাইনচ্যুত হোৱা বেংগালুৰু-কামাখ্যা এচি এক্সপ্ৰেছ
লাইনচ্যুত হোৱা বেংগালুৰু-কামাখ্যা এচি এক্সপ্ৰেছ
 
গুৱাহাটী

বেংগালুৰুৰ পৰা অসমৰ গুৱাহাটীৰ কামাখ্যা ষ্টেচনলৈ আহি থকা বেংগালুৰু-কামাখ্যা এচি এক্সপ্ৰেছ ৰেলগাড়ীখন ওড়িশাৰ কটকত দেওবাৰে দূৰ্ঘটনাগ্ৰস্ত হয়। এক্সপ্ৰেছ ৰেলগাড়ীখনৰ এঘাৰটা ডবা লাইনচ্যুত হোৱা বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত জানিবলৈ দিয়ে। অৱশ্যে এই প্ৰতিবেদন লিখাৰ সময়লৈকে দূৰ্ঘটনাটোত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
 
ইষ্ট ক’ষ্ট ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া অশোক কুমাৰ মিশ্ৰই কয়, ‘আজি পুৱা ১১.৫৪ বজাত মংগুলীৰ সমীপৰ নিৰগাণ্ডীত এছএমভিটি বেংগালুৰু-কামাখ্যা এচি এক্সপ্ৰেছ (SMVT Bengaluru-Kamakhya AC Express)ৰ এঘাৰটা ডবা ৰেলপথৰ পৰা ওলাই যায়।
 
উদ্ধাৰ আৰু সাহায্য বিভাগৰ বিষয়াই দুৰ্ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়। ৰেলৱেৰ জ্যেষ্ঠ বিষয়াৰ তত্বাৱধানত যুদ্ধকালীন ক্ষিপ্ৰতাৰে ক্ষতিগ্ৰস্ত অংশসমূহ মেৰামতিৰ কাম চলি আছে। চিপিআৰঅ’ মিশ্ৰই জনোৱা মতে, আৱদ্ধ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যাবলৈ আন এখন ৰে’লৰ ব্যৱস্থা কৰা হৈছে। বেংগালুৰু-কামাখ্যা এচি এক্সপ্ৰেছৰ ১১টা ডবা লাইনচ্যুত হোৱাত সেই ৰেলপথছোৱাৰে যাবলগীয়া তিনিখন ৰে’ল ডাইভাৰ্ট কৰা হৈছে। এই ৰে’লসমূহ হ’ল ধৌলি এক্সপ্ৰেছ, নীলাচল এক্সপ্ৰেছ আৰু পুৰুলিয়া এক্সপ্ৰেছ।
 
এনডিআৰএফ আৰু ওড়িশা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে ৰেলৱেক উদ্ধাৰ অভিযানত সহায় কৰি আছে বুলি বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে। ৰেলৱেই সাহায্যৰ বাবে দুটা হেল্পলাইন নম্বৰ ক্ৰমে ৮৪৫৫৮৮৫৯৯৯ (ভুৱনেশ্বৰ) আৰু ৮৯৯১১২৪২৩৮ (কটক) জাৰি কৰিছে।