গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ অসম চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

 

গুৱাহাটী

 

মহাবীৰ লাচিত বৰফুকন সন্দৰ্ভত ৰচনা লিখাৰ ক্ষেত্ৰত আন এক অভিলেখৰ গৰাকী হ'ল অসম চৰকাৰ। কিয়নো গীনিজ বৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে লাচিত বৰফুকনক লৈ লিখা ৰচনাই।

 

বৃহস্পতিবাৰে গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষই অসম চৰকাৰক গুৱাহাটীত আনুষ্ঠানিকভাৱে তেনে অভিলেখ গঢ়াৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰিব

 

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে অসম চৰকাৰে যোৱা বছৰৰ নৱেম্বৰত ৰাজ্যখনৰ সকলো পক্ষকে মহাবীৰগৰাকীৰ বিষয়ে ৰচনা লিখাৰ বাবে আহ্বান জনাইছিল।

 

অসম চৰকাৰৰ তেনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ ৪২ লাখৰো অধিক ব্যক্তিয়ে অনলাইনযোগে তেওঁৰ বিষয়ে ৰচনা লিখি আপলোড কৰিছিল আৰু এই ৰচনাই এতিয়া অভিলেখ ৰচিছে।