আকৌ ৯০০ কোটি টকা ঋণ ল'ব অসম চৰকাৰে

Story by  atv | Posted by  Munni Begum • 20 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী 
 
যোৱা ৩ ডিচেম্বৰত ৯০০ কোটি টকা ঋণ লোৱা অসম চৰকাৰে অহা ২৪ ডিচেম্বৰত ভাৰতীয় ৰিজার্ভ বেংকৰ জৰিয়তে দহবছৰীয়া ম্যাদত পুনৰ ৯০০ কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে। চৰকাৰী বণ্ড নিলামযোগে বন্ধকত থৈ এই ঋণ লোৱা হ'ব। এই সন্দৰ্ভত যাৱতীয় প্রস্তাৱ ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে দাখিল কৰিছে। 
 
উৎপাদনশীল কাম আৰু ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক কর্মসংস্থাপন দিয়াৰ পৰিবৰ্তে ভোট লাভৰ সহজ পন্থা হিচাপে সৰ্বসাধাৰণ ৰাইজক কর্মহীন কৰি সৃষ্টি কৰা অসংখ্য হিতাধিকাৰীক ধন বিতৰণ কৰি থকা বাবেই ঋণৰ ওপৰত ঋণ ল'বলগা হৈছে অসম চৰকাৰে। যাৰ বাবে আজিৰ তাৰিখত ঋণৰ বোজা ১ লাখ ৫৫ হেজাৰ কোটি টকাতকৈও অধিক হৈছে। 
 
মন কৰিবলগীয়া যে, এটা বিত্তীয় বর্ষত চৰকাৰে কি কি আঁচনি ৰূপায়ণ কৰিব, সেই সন্দর্ভত বিত্তীয় বর্ষটোৰ বাজেটত ঘোষণা কৰা হয় আৰু সেইমৰ্মে পুঁজি ধাৰ্য কৰি আঁচনিসমূহ ৰূপায়ণ কৰা হয়। নিয়ম অনুসৰি বাজেটবহির্ভূত কোনো আঁচনি ৰূপায়ণ কৰিব নোৱাৰে। 
 
আনকি শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষত কেবিনেট বৈঠকত এই বুলি সিদ্ধান্ত লোৱা হৈছিল যে, বাজেট ঘোষিত আঁচনিৰ বাহিৰে কোনো সভা-সমিতি, কোনো মন্ত্রীয়ে কোনো নতুন আঁচনি ঘোষণা কৰিব নোৱাৰিব।  
 
ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ অহা মাৰ্চৰ ভিতৰত কমেও ৫,০০০ কোটি টকাৰ ঋণ লোৱাৰ কথা বিবেচনা কৰিছে। তাৰেই পদক্ষেপ হিচাপে যোৱা ৩ ডিচেম্বৰত ৯০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰে পুনৰ অহা ২৪ ডিচেম্বৰত ৯০০ কোটি টকাৰ ঋণ ল'বলৈ যাৱতীয় প্রস্তুতি চলাইছে। 
 
প্রাপ্ত তথ্য অনুসৰি তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত ঋণৰ সুদ পৰিশোধৰ পৰিমাণ আছিল ২৬,৩৬৯ কোটি টকা। কিন্তু বিগত আঠ বছৰত বিজেপিৰ আমোলত ঋণৰ সুন্দৰ পৰিমাণ হ'ল ৪২,০৬১ কোটি টকা। 
 
ইয়াৰ ভিতৰত সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ হ'ল ১৯,৬৫১ কোটি টকা আৰু বর্তমান হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ দিনত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ হ'ল ২২,৪১০ কোটি টকা।