দেশৰ ১৮ আৰ্থিকভাৱে সমৃদ্ধ ৰাজ্যৰ তালিকাত নাই অসম

Story by  atv | Posted by  [email protected] • 3 d ago
দেশৰ ১৮ আৰ্থিকভাৱে সমৃদ্ধ ৰাজ্যৰ তালিকাত নাই অসম
দেশৰ ১৮ আৰ্থিকভাৱে সমৃদ্ধ ৰাজ্যৰ তালিকাত নাই অসম
 
গুৱাহাটী
 
দেশৰ ১৮ খন শীর্ষ ৰাজ্যৰ ৰাজহ সংগ্ৰহ ৮-১০ শতাংশপর্যন্ত বৃদ্ধি পাব চলিত বিত্তীয় বর্ষত। উচ্চ হাৰত ৰাজহ সংগ্ৰহকাৰী ওঠৰ ৰাজ্যত স্থান নাপালে অসমকে ধৰি উত্তৰ-পূবৰ কোনো এখন ৰাজ্যই।
 
বিশ্ববিখ্যাত অর্থনৈতিক সমীক্ষাকাৰী কোম্পানী এছ এণ্ড পি কোম্পানীৰ অধীনস্থ ভাৰতীয় কোম্পানী ক্ৰিছিলে প্ৰকাশ কৰা শেহতীয়া প্রতিবেদনত প্রকাশ পোৱামতে দেশৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৯০ শতাংশৰ এই ১৮ ৰাজ্যৰ ৰাজহ বৃদ্ধি ঘটিব ৮ শতাংশৰ পৰা ১০ শতাংশপর্যন্ত। ধনৰ হিচাপত ৩৮ লাখ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিব ১৮ ৰাজ্যই।
 
এই ৰাজ্যকেইখন হ'ল- মহাৰাষ্ট্ৰ, গুজৰাট, কর্ণাটক, 'তামিলনাডু, উত্তৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, পশ্চিমবংগ, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ, কেৰালা, ওড়িশা, পঞ্জাব, বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, ঝাৰখণ্ড আৰু গোৱা।
 
এই ১৮ ৰাজ্যৰ অৰ্থনৈতিকভাৱে সমৃদ্ধ হোৱাৰ মূলতে হ'ল উচ্চ হাৰত জি এছ টি সংগ্ৰহ আৰু কেন্দ্ৰৰ পৰা লাভ কৰা কৰৰ অংশ। প্রতিষ্ঠানটোৰ মতে এই ১৮ ৰাজ্যত বিগত বিত্তীয় বর্ষত ১৮ শতাংশপর্যন্ত বৃদ্ধি পাইছিল জি এছ টি সংগ্রহ। চলিত বিত্তীয় বর্ষত আন ১৩-১৪ শতাংশপর্যন্ত জি এছ টি সংগ্রহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
 
এই ৰাজ্যসমূহৰ কেইবাখনো ৰাজ্যৰ অর্থনীতি টনকিয়াল হোৱাৰ (বিহাৰ, গুজৰাটৰ বাদে) অন্যতম কাৰণ সুৰাৰ ওপৰত আৰোপিত কৰ। এই ৰাজ্যসমূহৰ ৰাজহৰ প্ৰায় ১০ শতাংশ আহে সুৰাৰ কৰৰ পৰা। পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ পৰাও এই ৰাজ্যসমূহ বাৰুকৈয়ে লাভান্বিত হৈছে। মুঠ ৰাজহৰ ৭-৮ শতাংশ আহিছে বিত্তীয় আয়োগৰ অনুদানৰ জৰিয়তে। পেট্ৰ'লিয়াম সামগ্ৰীৰ ওপৰত আৰোপিত কৰৰ পৰা মুঠ ৰাজহৰ ৩-৪ শতাংশ সংগৃহীত হৈছে এই ৰাজ্যসমূহত।
 
ঔদ্যোগিক উৎপাদন বৃদ্ধি আৰু অন্যান্য অর্থনৈতিক কাম-কাজৰ ক্ষিপ্ৰ বৃদ্ধিয়ে পেট্ৰ'লিয়াম সামগ্ৰীৰ চাহিদা এই ওঠৰ ৰাজ্যত বৃদ্ধি পোৱাত ৰাজহ সংগ্রহ ঊর্ধ্বমুখী হৈছে। এই ওঠৰ ৰাজ্যই চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰ ১২-১৩ শতাংশ, অনাকৰ ৰাজহ ৭-৮ শতাংশ, জি এছ টিৰ অংশ ১৩-১৪ শতাংশ লাভ কৰাৰ সম্ভাৱনা প্রবল বুলি অর্থনৈতিক বিশ্লেষণকাৰী তথ্য মূল্যায়নকাৰী প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত ভৱিষ্যদ্বাণী কৰা হৈছে।