নতুন দিল্লী
দুবছৰত অসমৰ ৮৬.৬৬ বর্গ কিলোমিটাৰ বনভূমি হ্রাস পাইছে। কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰী ভূপেন্দ্র যাদৱে প্ৰকাশ কৰা 'ইণ্ডিয়া ষ্টেট অব্ ফৰেষ্ট ৰিপ'ৰ্ট ২০২৩' শীর্ষক প্রতিবেদনত অতি উদ্বেগজনক এই কথা প্রকাশ পাইছে।
লক্ষণীয়ভাৱে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন এক ৰাজ্য হিচাপে ত্ৰিপুৰাৰ বনাঞ্চল হ্রাস পোৱাৰ বিপৰীতে সামগ্রিকভাৱে দেশত ১,৪৫৫ বর্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি পোৱা বুলি প্রতিবেদনত প্রকাশ পাইছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২১ চনত 'ইণ্ডিয়া ষ্টেট অব্ ফৰেষ্ট ৰিপ'ৰ্ট' অনুসৰি অসমত বনভূমি আছিল ১৯,৭৮৩ বর্গ কিলোমিটাৰ। পিচে আজি প্রকাশ পোৱা ২০২৩ চনৰ সমীক্ষা অনুসৰি অসমৰ বনভূমি হৈছে ১৯,৬৯৯.৭৩ বর্গ কিলোমিটাৰ।
অসমতকৈ বেছি বনাঞ্চল হ্রাস পোৱা আন দুই ৰাজ্য হৈছে তেলেংগানা (১০৫.৮৭ বর্গ কিলোমিটাৰ) আৰু ত্ৰিপুৰা (১১৬.৯০ বর্গ কিলোমিটাৰ)। ইয়াৰ বিপৰীতে যোৱা দুবছৰত দেশৰ ভিতৰত বনাঞ্চল সর্বাধিক বৃদ্ধি পোৱা ৰাজ্যখন হৈছে মিজোৰাম। ৰাজ্যখনত এই দুবছৰত বৃদ্ধি পাইছে ১৯২.৯২ বর্গ কিলোমিটাৰ বনাঞ্চল।
উল্লেখ্য যে 'ইণ্ডিয়া ষ্টেট অব ফৰেষ্ট ৰিপ'ৰ্ট ২০২৩' অনুসৰি দেশৰ মুঠ মাটিকালিৰ ২১.৭৬ শতাংশ হৈছে বনাঞ্চল। দেশৰ সৰ্বাধিক বনভূমি থকা ৰাজ্যখন হৈছে মুধ্যপ্রদেশ। ৰাজ্যখনৰ মুঠ বনভূমি হৈছে ৭৭,০৭৩ বর্গ কিলোমিটাৰ।
সামগ্রিকভাৱে বনভূমি থকা দেশৰ দ্বিতীয় ৰাজ্যখন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশ। ৰাজ্যখনত থকা বনভূমিৰ পৰিমাণ হৈছে ৬৫,৮৮২ বর্গ কিলোমিটাৰ।
লক্ষণীয়ভাৱে অসমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ ৰাজ্যৰ বনাঞ্চল ৰাজ্যসমূহৰ মুঠ মাটিকালিৰ ৭৫ শতাংশৰো বেছি বুলি প্রতিবেদনখনত প্রকাশ পাইছে।