মনোজ কুমাৰ ওজা / তিনিচুকীয়া
১২৬ সংখ্যক জন্মদিন উপলক্ষে শনিবাৰে অসমৰ প্ৰকৃতি প্ৰেমীসকলে প্ৰখ্যাত পক্ষীবিদ চেলিম আলীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
"আমি অসমৰ জনসাধাৰণে আজি চেলিম আলী চাহাবক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো আৰু পক্ষীৰ বৈজ্ঞানিক অধ্যয়নৰ প্ৰতি তেওঁৰ কাম আৰু কামৰ যথেষ্ট প্ৰশংসা কৰোঁ।" গ্ৰীণ বাড চ'চাইটিৰ সচিব দেৱজিৎ মৰানে 'আৱাজ দ্য ভইচ'ক এইদৰে কয়।
উল্লেখ্য যে, অসমত হাজাৰ হাজাৰ পক্ষীবিদ, চৰাই গৱেষক আৰু পক্ষীপ্ৰেমীয়ে চেলিম আলীৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল। ৰাজ্যজুৰি তেওঁলোকে চৰাইৰ বাসস্থান, উদ্যান, অভয়াৰণ্য আৰু বৰ্ষাৰণ্যৰ যত্ন ল'বলৈ শপত গ্ৰহণ কৰিছিল। "কেৱল চৰাইৰ ফটোশ্বুটে কাম নকৰিব। আমি আমাৰ অৰণ্য সংৰক্ষণ কৰিব লাগিব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে স্থানীয় আৰু পৰিভ্ৰমী চৰাইবোৰক সুৰক্ষা দিব লাগিব। ডঃ চেলিম আলী আৰু ড০ আনৱাৰুদ্দিন চৌধুৰী দুয়ো আমাৰ অনুপ্ৰেৰণা। "ফাৰুক আলী নামৰ এজন পক্ষীপ্ৰেমীয়ে কয়।
উল্লেখ্য যে, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব হিচাপে অৱসৰ গ্ৰহণ কৰা ড০ আনৱাৰুদ্দিন চৌধুৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চৰাইক লৈ তেওঁৰ প্ৰসিদ্ধ কামৰ বাবে "অসমৰ বাৰ্ডমেন" উপনাম লাভ কৰিছে। এই প্ৰতিবেদকৰ সৈতে বাৰ্তালাপ কৰি দেৱজিৎ মৰানে লগতে কয়, "ড০ চেলিম আলীৰ জন্মদিনত আমি ভাৰত আৰু অসম চৰকাৰক বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সঠিক পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছো।"
অসমত দেখিবলৈ পোৱা এটা ৰং-বিৰঙী চৰাই (ফাইল ফটো)
বগা হাঁহৰ সংখ্যা হ্ৰাস হোৱাত উদ্বেগ প্ৰকাশ কৰি দেৱজিতে কয়, "উজনি অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক ভাৰত চৰকাৰে আইবিএ (গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল) হিচাপে স্বীকৃতি দিছে। জৈৱ বৈচিত্ৰ্য এতিয়াও বিশুদ্ধ ৰূপত আছে যদিও বনধ্বংসৰ ফলত বহুতো চৰাইৰ প্ৰজাতিৰ জনসংখ্যা হ্ৰাস পাইছে, বিশেষকৈ বগা হাঁহৰ জনসংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস পোৱা দেখা গৈছে।"
উল্লেখ্য যে, ড০ আনৱাৰুদ্দিন চৌধুৰীয়ে ২০২৩ চনত বগা হাঁহৰ বাসস্থান সুৰক্ষিত কৰা আৰু ইয়াক অসমৰ ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ কেৱল এয়াই নহয়, তেওঁ অসমত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চৰাইৰ ওপৰত কিতাপ লিখা প্ৰথমগৰাকী ব্যক্তি আছিল৷
তেওঁৰ অধ্যয়নে অঞ্চলটোৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ সংৰক্ষণ আৰু সজাগতাত অৰিহণা যোগাইছে। তেওঁ ২৮ খন কিতাপ, ৫০ খন কাৰিকৰী প্ৰতিবেদন আৰু ৯০০ তকৈও অধিক প্ৰবন্ধ আৰু বৈজ্ঞানিক লেখাৰ সৃষ্টিকৰ্তা।
আনহাতে, ১৮৯৬ চনৰ ১২ নৱেম্বৰত জন্মগ্ৰহণ কৰা বিশ্বৰ এজন সুপৰিচিত পক্ষীবিদ ডাঃ চেলিম আলীয়ে সেই সময়ৰ পৰাই হালধীয়া ডিঙিৰ চৰাইৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। দহ বছৰ বয়সতে চৰাইৰ প্ৰেমত পৰা আলীয়ে ১৯৮৭ চনৰ ২০ জুনত মৃত্যুৰ মূহূৰ্তলৈকে চৰাইৰ প্ৰতি ভালপোৱাৰ অভ্যাস অটুট ৰাখিছিল।