গুৱাহাটী
অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা এজন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰিছে। ধৃত জেহাদীজনৰ নাম জাহেৰ আলী। প্ৰাপ্য তথ্য অনুসৰি জেহাদী আলীক গুৱাহাটীলৈ অনা হৈছে।
ইয়াৰ পূৰ্বে নৱবৰ্ষৰ সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু চোৰাংচোৱা ব্যুৰোৰ সহযোগিতাৰ ফলত সীমান্ত অঞ্চলত জেহাদী ভাবুকিৰ বিৰুদ্ধে চৰকাৰে ফলাফল প্ৰত্যক্ষ কৰি আছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আমি ২৩ জন লোকক গ্ৰেপ্তাৰ কৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছিলোঁ। অসম আৰক্ষীয়ে সীমান্তৰ সিপাৰে এনে উপাদানে সৃষ্টি কৰা ভাবুকিৰ বিষয়ে অৱগত।"
এন আই এ আৰু আই বিৰ সমন্বয়ত আমি অভিযান চলাই আছো, আনকি বংগ আৰু কেৰালাৰ লোককো আমি গ্ৰেপ্তাৰ কৰিছো বুলিও মুখ্যমন্ত্ৰীয়ে জনাইছে।