নতুন দিল্লী
কংগ্রেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবার্ন গগৈৰ পাকিস্তান লিংক বিচাৰি দিল্লীত উপস্থিত হৈছে অসম আৰক্ষীৰ এছ আই টি। ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমর্মে অসম আৰক্ষীৰ চি আই ডিয়ে পাকিস্তানৰ নাগৰিক আলী তৌখিৰ শ্বেখ আৰু অন্যান্যসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। কেইদিনমান পূৰ্বে ৰুজু কৰা এই গোচৰটোৰ তদন্তৰ বাবে ডি জি পিৰ নিৰ্দেশত গঠন কৰা হৈছিল এছ আই টি।
চি আই ডিৰ বিশেষ ডি জি পি মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা এছ আই টিৰ দল এটা শেহতীয়াকৈ দিল্লীত উপস্থিত হৈছে। এছ আই টিৰ সদস্য আৰক্ষী অধীক্ষক ৰ'জী কলিতাৰ নেতৃত্বত পাঁচজনীয়া দল এটা দিল্লীত উপস্থিত হৈ পাকিস্তানী নাগৰিক আলী তৌখিৰ শ্বেখৰ কাম-কাজ সন্দৰ্ভত অনুসন্ধান চলোৱাৰ উপৰি তেওঁৰ সৈতে সাংসদ পত্নী এলিজাবেথ গগৈৰ সম্পৰ্কৰ দিশটোও তদন্ত কৰিব।
বিশেষকৈ এলিজাবেথ গগৈয়ে তৌখিৰ শ্বেখৰ সৈতে কি কি প্রকল্পত একেলগে কাম কৰিছে, সেই দিশটো সন্দর্ভত তথ্য সংগ্ৰহ কৰিব এছ আই টিয়ে। লগতে এলিজাবেথ গগৈৰ বিদেশ ভ্রমণ সংক্রান্তীয় তথ্য-পাতিও এছ আই টিয়ে পৰীক্ষা কৰিব বুলি জনা গৈছে। অৱশ্যে দিল্লীত এছ আই টিৰ দল উপস্থিত হোৱা সন্দর্ভত অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই।
উল্লেখযোগ্য যে, সাংসদ গৌৰৱ গগৈয়ে পূর্বে দিল্লীত থকা পাকিস্তানৰ উচ্চায়ুক্তৰ কার্যালয়ত বৈঠকত মিলিত হোৱা, তেওঁৰ পত্নীয়ে পাকিস্তানী নাগৰিকৰ সৈতে কাম কৰা আদি বিষয়সমূহ লৈ বাজ্যৰ ৰাজনীতি গৰম কৰিছিল বিজেপিয়ে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এই সন্দর্ভত গোচৰ ৰুজু কৰাৰ পিচত এতিয়া বিষয়টোৰ তদন্তত নামিছে এছ আই টি।