গুৱাহাটী
ৰাজ্যজুৰি অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান। শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত অসম আৰক্ষীয়ে নিশা চলালে বাল্য বিবাহ বিৰোধী অভিযান। মুঠ ৪১৬ বাল্য বিবাহৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৰ্তমানলৈকে ৩৩৫টা গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। ‘X’ যোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই সদৰী কৰিছে এই তথ্য। আজি পৃথকে-পৃথকে আদালতত হাজিৰ কৰা হ’ব অভিযুক্ত সকলক।
বাল্য বিবাহ বিবাহ অভিযানত ধুবুৰীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত বহু কেইজনকো গ্ৰেপ্তাৰ কৰিছে। ধুবুৰী সদৰ থানা এলেকাত ১৭জন, গোলকগঞ্জত ১০জন, গৌৰীপুৰত ১৩ জন, বিলাসীপাৰত ১৬জন, আগমণিত ৪জন আৰু তামাৰহাটত ৩জন গ্ৰেপ্তাৰ কৰিছে।
হোজাই জিলাতো অসম আৰক্ষীয়ে চলাইছে বাল্য বিবাহ বিৰোধী অভিযান। হোজাই জিলাৰ পৰা মুঠ ১৫জন গ্ৰেপ্তাৰ কৰিছে। গোৱালপাৰাত অসম আৰক্ষীয়ে অভিযান চলাই ২০জনতকৈ অধিক অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজ্যত পূৰ্বে দুবাৰকৈ চলিছিল বাল্য বিবাহ বিৰোধী অভিযান। পূৰ্বে বাল্য বিবাহৰ অভিযোগত প্ৰায় সহস্ৰাধিকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।