খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
বিগত তিনিটা বিত্তীয় বৰ্ষত ভাৰতৰ খাৰুৱা তেল উৎপাদনৰ তথ্য প্রকাশ কৰিছে পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্র্যালয়ে। তথ্যত প্রকাশ পোৱা অনুসৰি এই তিনিটা বৰ্ষত ভাৰতত ৮৮,২২৩ হেজাৰ মেট্রিক টন খাৰুৱা তেল উৎপাদন হয়। ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বর্ষত উৎপাদিত মুঠ খাৰুৱা তেলৰ ভিতৰত ১২.৫১৮ হেজাৰ মেট্রিক টন উৎপাদন কৰা হয় অসমত। আনহাতে দেশৰ ভিতৰতে সর্বাধিক খাৰুৱা তেল উৎপাদন কৰা হৈছে ৰাজস্থানত।
 
ৰাজ্যখনত ১৫,৩৮০ হেজাৰ মেট্রিক টন খাৰুৱা তেল উৎপাদন কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা গুজৰাটত উৎপাদন কৰা হৈছে ১৪,৪২৫ হেজাৰ মেট্রিক টন। সেইদৰে তামিলনাডুত ৯৮৫ হেজাৰ মেট্রিক টন, অন্ধ্রপ্রদেশত ৬৮৮ হেজাৰ মেট্রিক টন, অৰুণাচল প্রদেশত ১৪৭হেজাৰ মেট্রিক টন আৰু পশ্চিমবংগত ০.০৬ হেজাৰ মেট্রিক টন খাৰুৱা তেল উৎপাদন কৰা হয়। 
 
ইফালে অফছ'ৰ উৎপাদনৰ পৰিমাণ হৈছেগৈ ৪৪,০৭৮ হেজাৰ মেট্রিক টন। যোৱা তিনিটা বিত্তীয় বর্ষত অসমত উৎপাদিত মুঠ খাৰুৱা তেলৰ উৎপাদনৰ ভিতৰত ২০২১-২২ বিত্তীয় বর্ষত ৩,৯৯১ হেজাৰ মেট্রিক টন, ২০২২-২৩ বিত্তীয় বৰ্ষত ৪,১৬৬ হেজাৰ মেট্রিক টন আৰু ২০২৩-২৪ বিত্তীয় বর্ষত ৪,৩৬১ হেজাৰ মেট্রিক টন খাৰুৱা তেল উৎপাদন কৰা হয়। 
 
উল্লেখ্য যে, শেহতীয়াকৈ অসমত ক্রমান্বয়ে বৃদ্ধি পাইছে খাৰুৱা তেলৰ উৎপাদন। অসমত খাৰুৱা তেল খননৰ সৈতে জড়িত অইল ইণ্ডিয়া লিমিটেড আৰু অ' এন জি চিয়ে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান হিচাপে অসমৰ পেট্রলিয়াম খণ্ডটোক আগুৱাই নিয়াত সহায় কৰিছে।