অসমৰ মানচিত্ৰৰ পৰা বিলুপ্ত হ'ল ৪খন জিলা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Story by  atv | Posted by  [email protected] • 2 Years ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নতুন দিল্লী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চাৰিখন জিলাক বিলুপ্ত কৰাৰ কথা ঘোষণা কৰে। বিলুপ্ত হোৱা জিলা কেইখনক নিকটৱৰ্তী জিলাৰ সৈতে একৰত্ৰিত কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।  
 
নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শৰ্মাৰ ঘোষণা অনুসৰি, হোজাইক নগাঁও জিলা, তামুলপুৰক বাক্সা, বজালীক বৰপেটা আৰু বিশ্বনাথক শোণিতপুৰ জিলাৰ সৈতে একত্ৰিত কৰা হ'ব।
''অত্যন্ত দুখ আৰু বেদনাৰে আমি অসমৰ চাৰিখন জিলাক বিলুপ্ত কৰি ইয়াক পুনৰ একত্ৰিত কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে। এই সিদ্ধান্তই নিশ্চয়কৈ অসমৰ বহু ৰাইজক দুখ দিব। আমিও যথেষ্ট দুখ পাইছো। কিন্তু অত্যন্ত এৰাব নোৱাৰা প্ৰশাসনিক কাৰণ আৰু অসম তথা সমাজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্তসমূহ লোৱা হৈছে। ইয়াৰ বাবে মই বিশ্বনাথ, বজালী, হোজাই, তামুলপুৰ জিলাবাসীৰ ওচৰত ক্ষমা বিচাৰিছো,'' কেবিনেট বৈঠকৰ পিছত এখন সংবাদমেল সম্বোধন কৰি শৰ্মাই কয়। 
তেওঁ আৰু অৱগত কৰে যে এই জিলাসমূহত আৰক্ষী আৰু ন্যায়পালিকাৰ ব্যৱস্থা পূৰ্বৰ দৰে চলি থাকিব আৰু এই সময়ছোৱাত সৃষ্টি হোৱা আন সকলো জিলা কাৰ্যালয় অব্যাহত থাকিব যাতে কোনো বিষয়া বা কৰ্মচাৰীয়ে কোনো অসুবিধাৰ সন্মুখীন নহয়।

উল্লেখ্য যে, এই সকলোবোৰ সিদ্ধান্ত ৩১ ডিচেম্বৰত এই কাৰণেই লোৱা হৈছে, কাৰণ চৰকাৰে ১ জানুৱাৰীৰ পৰা সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া  অনুসৰণ কৰিব আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত কোনো নতুন প্ৰশাসনিক গোট গঠন নকৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগে চৰকাৰক নিৰ্দেশ দিছে।

সাময়িকভাৱে বিলুপ্তি ঘটোৱা বিশ্বনাথ, বজালী, হোজাই, তামুলপুৰ জিলা যথাসম্ভৱ সোনকালে পুনৰ গঠন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৱাসীক আশ্বাস দিয়ে। মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫খনৰ পৰা ৩১খনলৈ হ্ৰাস পালে।  
ইয়াৰ পূৰ্বে, নিৰ্বাচন আয়োগে ২৭ ডিচেম্বৰত কৈছিল যে তেওঁলোকে অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমানিৰ্ধাৰণ আৰম্ভ কৰিছে আৰু আসনৰ পুনৰ সমন্বয়ৰ বাবে ২০০১ চনৰ লোকপিয়লৰ পৰিসংখ্যা ব্যৱহাৰ কৰিব। আয়োগে কৈছিল যে প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্যখনত নতুন প্ৰশাসনিক গোট সৃষ্টিৰ ওপৰত ১ জানুৱাৰী, ২০২৩ তাৰিখৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে।