আজিৰে পৰা ৰাজ্যৰ চৰকাৰী কাম-কাজত বাধ্যতামূলক অসমীয়া ভাষা

Story by  atv | Posted by  [email protected] • 13 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
আজি নলবাৰীত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। সেই অনুসৰি চলিত এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা কৰা হ’ব অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল। তাৰোপৰি আজি ১ ব’হাগৰ দিনটোৰ পৰাই ৰাজ্যৰ সকলো কাৰ্যালয়তে অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। আজিৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত ইংৰাজীৰ লগতে অসমীয়া ব্যৱহাৰ বাধ্যতামূলক।
 
আজি নলবাৰীত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। সেই অনুসৰি চলিত এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা কৰা হ’ব অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল। তাৰোপৰি আজি ১ ব’হাগৰ দিনটোৰ পৰাই ৰাজ্যৰ সকলো কাৰ্যালয়তে অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। আজিৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত ইংৰাজীৰ লগতে অসমীয়া ব্যৱহাৰ বাধ্যতামূলক।
 
এই নিয়ম কাৰ্যকৰী হোৱাৰ ফলত এতিয়াৰে পৰা সকলো ধৰণৰ চৰকাৰী অধিসূচনা, যোগাযোগ অসমীয়াতে হ’ব। অৱশ্যে বৰাক উপত্যকাত ইংৰাজী ভাষাৰ লগতে বাংলা ভাষাহে ব্যৱহাৰ বাধ্যতামূলক হ’ব। সেইদৰে বি টি আৰ অঞ্চলত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ বাধ্যতামূলক।
এই সন্দৰ্ভত ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাৰি কৰিলে অধিসূচনা। নং-পি.এল.বি.৫৬০২১৫/৭৮ অধিসূচনাত উল্লেখ- অসম চৰকাৰী ভাষা আইন, ১৯৬০ (১৯৬০ চনৰ অসন আইন নং XXXIII) ৰ ধাৰা ৭ আৰু ৩ অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে নিম্নলিখিত নিৰ্দেশনা সমূহ প্ৰস্তুত কৰা হৈছে-
 
(১) সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ'ব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কার্যবাহী নির্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ'ব।
 
(২) বৰাক উপত্যকাৰ জিলাসমূহত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বঙালী ভাষা ব্যৱহাৰ কৰা হ'ব।
 
(৩) বড়োলেও টেৰিটৰিয়েল অঞ্চলত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব।
 
(৪) কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়ময়াৱলী আৰু নির্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ ত্রিশ (৩০) দিনৰ ভিতৰত অসমীয়া ভাষালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব।
 
(৫) পুৰণি আইন, নীতি, নথিপত্রসমূহ, বিধি আৰু অধিসূচনা আদিও পর্যায়ক্রমে দুবছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰিব লাগিব। এই অনুবাদ প্রক্রিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিভাগৰ সহায়ত সম্পন্ন কৰা হ'ব।
 
(৬) অৱশ্যে, দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ'লে অথবা আইনী ব্যাখ্যাৰ প্রয়োজন হ'লে ইংৰাজী সংস্কৰণৰ শব্দায়নক প্রাধান্য দিয়া হ'ব।
 
(৭) আনহাতে, ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব।
 
(৮) উল্লেখিত বিষয়সমূহৰ উপৰিও, মহামান্য ন্যায়ালয়ত দাখিল কৰিবলগীয়া সকলো অনুসন্ধানৰ প্ৰতিবেদন, অনুচ্ছেদভিত্তিক মন্তব্য, নির্দেশনা, শপতনামা, চিঠিপত্র ইত্যাদিত ইংৰাজী ভাষা ব্যৱহাৰ অব্যাহত থাকিব।
 
(৯) যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয়ৰ আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ ব্যাখ্যাৰ বাবে, ইংৰাজী সংস্কৰণে প্রাধান্য পাব।
 
(১০) ইংৰাজী ভাষাৰ পৰা অসমীয়া, বঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে "অনুবাদ ভাষিনী" এপ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে, বিষয়াসকলে অনুবাদ কৰা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতর্কতা অৱলম্বন কৰিব লাগিব।
 
এই অধিসূচনাখন ১৫ এপ্রিল, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব (ভাস্কৰাব্দ: প্রথম বহাগ, ১৪৩২; শক যুগ: ২৫ তম চৈত্র, ১৯৪৬-৪৭)।
 
এই অধিসূচনা সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে তেওঁলোকৰ ফেচবুকৰ একাউণ্টৰ জৰিয়তে এই পদক্ষেপক ঐতিহাসিক আখ্যা দিছে। ৰাজ্যিক বিজেপিয়ে ফেচবুকত লিখিছে, পহিলা ব'হাগৰ দিনটোতেই অসমীয়া ভাষাৰ উত্তৰণৰ বাবে আমাৰ চৰকাৰৰ ঐতিহাসিক পদক্ষেপ। আজিৰ পৰা অসমীয়া ভাষাতেই জাৰি কৰা হ'ব চৰকাৰী অধিসূচনা, নিৰ্দেশনা, বিধেয়ক, আদেশ, নিযুক্তি পত্ৰ, বদলিৰ আদেশ ইত্যাদি।  লগতে BTR অঞ্চলত বড়ো ভাষা আৰু বৰাক উপত্যকাত বঙালী ভাষা চৰকাৰী লেখাৰ বাবে ব্যৱহাৰ কৰা হ'ব। এই ঐতিহাসিক সিদ্ধান্তৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।