বাঁহৰ উৎপাদন বৃদ্ধিৰ বাবে অসমত ১০ খন বাঁহৰ নাৰ্ছাৰী স্থাপন

Story by  atv | Posted by  Munni Begum • 5 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ভাৰতত বাঁহৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নেচনেল বেম্বো মিছনৰ অধীনত অসমত যোৱা ২০১৮-১৯ বিত্তীয় বর্ষৰ পৰা প্রায় ১৯ বর্গ কিলোমিটাৰ এলেকাত ৰোপণ কৰা হৈছে বাঁহ।
 
শেহতীয়াকৈ কেন্দ্রীয় কৃষি ৰাজ্য মন্ত্রী ৰামনাথ ঠাকুৰে জানিবলৈ দিয়ামতে বিগত ছটা বর্ষত অসমত অভিলেখ হাৰত বাঁহ ৰোপণ কৰা হৈছে। ২০২১ চনত অসমত বাঁহ ৰোপণ কৰা এলেকাৰ পৰিমাণ আছিল ১০,৬৫৯ বর্গ কিলোমিটাৰ। ইয়াৰ বিপৰীতে ২০২৩ চনত এই পৰিমাণ ১১.২৪৬ বর্গ কিলোমিটাৰলৈ বৃদ্ধি হয়। 
 
অসমত ৰোপণ কৰা বাঁহৰ সম্প্ৰসাৰণ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে অসমত ১০ খন বাঁহৰ নাৰ্ছাৰীও স্থাপন কৰা হৈছে। এই নাৰ্ছাৰীসমূহত বাঁহৰ পুলি উৎপাদনৰ ক্ষমতা হৈছে বছৰি ২.৫ লাখ। কেন্দ্রীয় এই আঁচনিৰ অধীনত বাঁহৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৃষকসকলৰ বাবেও বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। বাঁহ ৰোপণৰ লগতে সংসাধিকৰণ, বিপণন আৰু ব্রেণ্ড নির্মাণত গুৰুত্ব প্রদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। 
 
কেৱল বাঁহ উৎপাদনকাৰীসকলৰ বাবেই নহয় অন্যান্য শিল্পী আৰু উদ্যোগীসকলৰ বাবেও বিত্তীয় সাহায্য আৰু কাৰিকৰী সহায় আগবঢ়োৱা হৈছে। বাঁহৰ সামগ্ৰীসমূহৰ বিপণনৰ বাবে ভাৰত চৰকাৰে 'ই-মার্কেটপ্লেচ' ব্যৱস্থা কাৰ্যকৰী কৰিছে। অতিৰিক্তভাৱে অসমকে ধৰি অন্যান্য বাঁহ উৎপাদনকাৰী ৰাজ্যসমূহত সজাগতাৰ সৃষ্টিৰ বাবে আলোচনাচক্র, কর্মশালা, সজাগতা কার্যসূচী, বেম্বো ফেষ্টিভেল আৰু বিভিন্ন ধৰণৰ বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 
 
নেচনেল বেম্বো মিছনৰ অধীনত অসমৰ ৰাজ্যিক বাঁহ উন্নয়ন সংস্থাই বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰত ন খনকৈ বাঁহৰ নাৰ্ছাৰী স্থাপন কৰিছে। তদুপৰি বৰ্ষাৰণ্য গৱেষণা সংস্থাতো এখন বাঁহৰ নাৰ্ছাৰী মুকলি কৰা হৈছে। অসমৰ বাঁহ-বেতৰ বাবে গ্রহণ কৰা আঁচনিৰ অধীনত ৰাজ্যিক বাঁহ উন্নয়ন সংস্থাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ দ্বাৰা বাঁহৰ সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন মঞ্চ প্রদান কৰাৰ প্ৰয়াস কৰা হৈছে। 
 
অসম ভ্রমণলৈ অহা পর্যটকসকলে যাতে সহজতে অসমৰ বাঁহ-বেতৰ শিল্পক নতুন ৰূপ দিয়া সামগ্রীসমূহ ক্ৰয় কৰিব পাৰে তাৰ বাবে পর্যটনস্থলীসমূহৰ সমীপত এনে সামগ্রীৰ বিপণীও স্থাপন কৰা হৈছে।