নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি ৫ জন অসমীয়া ছাত্ৰৰ প্ৰাণ ৰক্ষা কৰিলে বাংলাদেশৰ ছাকিব আহমেদে

Story by  atv | Posted by  Munni Begum • 1 Months ago
বাংলাদেশৰ প্ৰতিবাদ
বাংলাদেশৰ প্ৰতিবাদ
 
ঢাকা 
 
বাংলাদেশত ছাত্র আন্দোলনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জীৱন আৰু মৃত্যুৰ মাজত ব্যৱধান একপ্ৰকাৰে নাইকিয়া হৈ পৰিছে। ৰক্তক্ষয়ী এই আন্দোলনত শ শ লোকৰ মৃত্যু হৈছে। চৰকাৰী বাহিনীৰ বন্দুক-বাৰুদলৈ ভয়-ভ্রূক্ষেপ নহোৱাকৈ হাতে হাতে লাঠি-দা আদি অস্ত্র-শস্ত্র লৈ আন্দোলনকাৰীয়ে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান আৰু বিষয়া-কৰ্মচাৰীৰ ওপৰত জঁপিয়াই পৰিছে। এনে পৰিস্থিতিত হাতৰ মুঠিত প্ৰাণ বান্ধি কোনোমতে স্বদেশলৈ উভতি আহিছে অসমৰ ৫ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। তেওঁলোকৰ এই অতি ভয়াবহ স্বদেশগমন যাত্ৰাত সহায় কৰিছে বাংলাদেশৰ মানৱপ্রেমী ছাকিব আহমেদ নামৰ এজন যুৱকে।  
 
সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সাক্ষী হোৱা শিৱসাগৰৰ জেঙনিকটীয়াৰ আব্বাছ আলীয়ে কয়, "বহু সপোন বুকুত বান্ধি যোৱা মাহত বাংলাদেশৰ 'ডেল্টা মেডিকেল কলেজত নামভর্তি কৰিছিলো। কলেজ কর্তৃপক্ষই প্ৰদান কৰা সুবিধা গ্রহণেৰে এটা হোষ্টেলত আশ্রয় ল'লো। আমি নামভর্তি কৰা মেডিকেল কলেজখনত অসমৰ পাঁচজনকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ ১৫জন ছাত্র আছিলো। আন আন মেডিকেল কলেজত ভাৰতৰ ১৫০জনৰো অধিক ছাত্রই অধ্যয়ন কৰি আছিল। পাঠ্যক্ৰমৰ কিতাপসহ প্রয়োজনীয় সঁজুলি সংগ্ৰহ কৰি শ্ৰেণীকোঠাত চিকিৎসাশাস্ত্ৰৰ জ্ঞান আহৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে সমগ্ৰ দেশখন অস্থিৰ হৈ পৰিল। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিত মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে সংৰক্ষণৰ নিৰ্দেশ দিয়াৰ পাচতেই দেশখনত বিদ্ৰোহৰ জুই জ্বলে।" 
 
বাংলাদেশৰ ছাত্ৰ প্ৰতিবাদ
 
আব্বাছে কয়, "অতি কম সময়ৰ ভিতৰতে সংৰক্ষণবিৰোধী বিদ্রোহ দেশখনৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰে। আমি দুই-এটা দিনৰ ভিতৰতে এই বিদ্রোহ সমাপ্ত হ'ব বুলি ধাৰণা কৰিছিলো যদিও বাস্তৱত ইয়াৰ বিপৰীত প্রতিচ্ছবি এখনহে প্রতিফলিত হ'ল। বিদ্রোহীয়ে বিভিন্ন অনুষ্ঠানত আক্রমণ কৰা, জ্বলাই দিয়া, মানুহ হত্যা কৰা খবৰে আমাক আতংকিত কৰি তুলিলে। প্রথমতে মেডিকেল কলেজ কর্তৃপক্ষই আমাক হোষ্টেলৰ পৰা বাহিৰলৈ নোলাবলৈ কঠোৰ নির্দেশ দিছিল। কিন্তু বিগত দিনকেইটাত সমগ্ৰ দেশখনত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাত কলেজ কর্তৃপক্ষই আমাক অর্থাৎ ভাৰতীয়সকলক হোষ্টেল এৰি নিজ দেশলৈ উভতি অহাৰ পৰামৰ্শ দিয়ে। কিন্তু হোষ্টেল এৰি আহো কেনেকৈ। কোনে নিৰাপত্তা দি আমাক বিমান বন্দৰলৈ আনিব।"
 
আব্বাছে কয়, "মই, নগাঁৱৰ চামগুৰিৰ ৰাহুল, মৰিগাঁৱৰ আবু নেচিব, ইনজামামুল আৰু বৰপেটাৰ তৌহিদ ৰাজা আমি পাঁচজনে হোষ্টেলৰ পৰাই অনলাইনত টিকট ক্রয় কৰিলো। কিন্তু বিমান বন্দৰলৈ আহো কেনেকৈ? সৌভাগ্যৱশতঃ সেই সময়ত দেৱদূতৰূপে আমাৰ কাষত ঠিয় দিলে ছাকিব আহমেদ নামৰ এজন বাংলাদেশী যুৱক। এই বাংলাদেশী যুৱকজনৰ সহায়ৰ অবিহনে আমি ভাৰতলৈ অহাটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। তদুপৰি আমিও হয়তো নিজৰেই কেঁচা তেজৰ ডোঙত মুখ থেকেচা খাই বাংলাদেশৰ অজান গলিত প্রাণ হেৰুৱাব লগাত পৰিলোহেঁতেন। আমাৰ জ্যেষ্ঠ এজনে আমাক সহায় কৰাৰ বাবে ছাকিব আহমেদক আহ্বান জনাইছিল।"
 
বাংলাদেশৰ ছাত্ৰ প্ৰতিবাদ
 
ছাকিব আহমেদে পদে পদে দেখা দিয়া মৃত্যু ভয়ক একাষৰীয়া কৰি মোৰ লগতে আমাৰ দেশৰ আন দহজনক নিশা মেডিকেল কলেজৰ হোষ্টেলৰ পৰা গাড়ীৰে উলিয়াই নিয়ে। আব্বাছে কয়, " নিশাৰ এন্ধাৰৰ মাজে মাজে আমাৰ গাড়ী আগবাঢ়িছিল। বাটত হাতে হাতে জুইৰ শিখা আৰু অস্ত্র-শস্ত্র লোৱা সংৰক্ষণবিৰোধী প্ৰতিবাদকাৰীক প্রত্যক্ষ কৰি আমি আতংকিত হৈ কোচ-মোছ খাইছিলো। ছাকিব আহমেদ সম্ভান্ত ঘৰৰ ল'ৰা। তেওঁলোকৰ নাৰ্ছিংহোম, নাৰ্ছিং হোষ্টেল আদি আছে। তেওঁ অমাক নিশাটো তেওঁলোকৰ নাৰ্ছিং হোষ্টেলতে থাকিবলৈ দি খোৱা-বোৱাৰো ব্যৱস্থা কৰি দিয়ে। পিচৰ দিনা আমাৰ পোন্ধৰজনক এখন এম্বুলেন্সত উঠাই তেওঁ বিমান বন্দৰৰ দিশে উলাই আহিলো। বাটত বিদ্রোহীয়ে প্রশ্ন কথাত চালকে ৰোগী থকা বুলি কোৱাত গাড়ী যাবলৈ দিয়ে। কিন্তু এঠাইত গাড়ীত কোন আছে বুলি প্রশ্ন কৰাত চালকে একে উত্তৰ দিলে। কিন্তু এইবাৰ চালকক গাড়ীৰ পৰা নমাই তালাচী চলোৱাত আমাক দেখি বিদ্রোহীসকল ক্ষোভত ফাটি পৰে। ৰাজপথৰ ওপৰতেই চালকক মৰিয়াই মৰিয়াই আধামৰা কৰে। সিমানতেই ক্ষান্ত নহৈ গাড়ীখন জ্বলাই দিব বিচৰাত বাংলাদেশী যুৱক ছাকিব আহমেদ গাড়ীৰ পৰা নামি বিদ্রোহীসকলৰ হাতে-ভৰিত পৰি আমাক এৰি দিয়াৰ প্রার্থনা জনালে। অৱশেষত আমাক এৰি দিলে বিদ্রোহীসকলে। ছাকিবে আমাক বিমান বন্দৰলৈ আনি খাদ্য বস্তু যোগান ধৰিলে।" 
 
আব্বাছে কয়, "বিমান বন্দৰত ১৬ ঘণ্টা অপেক্ষা কৰাৰ পাচত এখন উৰাজাহাজত উঠিলো। উৰাজাহাজখনে বাংলাদেশৰ বিমান বন্দৰ এৰাৰ পিচত এটা দীঘলীয়া  উশাহ ল'লো। প্রথম কলকাতা আৰু তাৰ পিচত আন এখন উৰাজাহাজেৰে গুৱাহাটীলৈ আহিলো। ভাগৰত শৰীৰ অৱশ হৈ পৰিছিল। টোপনিত বাংলাদেশৰ পথৰ কাষৰ মৃতদেহবোৰৰ দৃশ্য ভাহি অহাত টোপনি ক'ৰবালৈ আঁতৰি যায়। এইবোৰ নেতিবাচক দৃশ্য মনৰ পৰা আঁতৰাই বাংলাদেশী মানৱপ্রেমী ছাকিব আহমেদৰ শান্ত-সমাহিত মুখখন মনলৈ আহিল। কেতিয়াবা জানো ছাকিব আহমেদক এই সহায়ৰ প্রতিদান দিব পাৰিম তাক ভাবি উৰাজাহাজত জোৰেৰে চকু দুটা জপাই দিলো।"