গুৱাহাটী
গুৰুতৰভাৱে অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী। অসুস্থতাৰ বাবে বুধবাৰে নিশা বৰপেটাৰ সাংসদগৰাকীক বঙাইগাঁৱত হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগিছে।
বুধবাৰে সন্ধিয়াৰ ভাগত তেওঁ অসুস্থ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত ফণীভূষণ চৌধুৰীক বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত বৰ্তমানলৈকে কোনো নিৰ্দিষ্ট তথ্য লাভ কৰা হোৱা নাই ৷ চিকিৎসকৰ এটা দলে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰু তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ১৯৫২ চনৰ ১ মে'ত জন্মগ্ৰহণ কৰা ফণীভূষণ চৌধুৰীয়ে একেৰাহে আঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ ৰাজনীতিত এক ইতিহাস সৃষ্টি কৰিছে । তেওঁ অসম গণ পৰিষদ দলৰ পৰা প্ৰথমবাৰৰ বাবে ১৯৮৫ চনত বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় । প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ইয়াৰ পিছত ২০২৪ চনত আৰম্ভ হয় সংসদীয় ৰাজনীতিৰ যাত্ৰা।
তেওঁ ২০১৮ চনৰ পৰা ২০২১ চনলৈ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত খাদ্য আৰু অসমাৰিক যোগান, গ্ৰাহক পৰিক্ৰমা, পেঞ্চন আৰু ৰাজহুৱা প্ৰশাসন বিভাগৰ মন্ত্ৰী আছিল । আনহাতে, ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰটেম অধ্যক্ষ আছিল।