গুৱাহাটী
ৰাজ্যিক কেবিনেটে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লৈছে। আজিৰে পৰা অসমৰ কোনো হোটেল-ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰিব নোৱাৰিব। সামজিক অনুষ্ঠানতো গো-মাংস পৰিৱেশন নিষিদ্ধ হ’ব। অৰ্থাৎ ৰাজহুৱা স্থানতো গো-মাংস ভক্ষণ বা পৰিৱেশন কৰিব নোৱাৰিব। পূৰ্বে মন্দিৰৰ ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত গোমাংস নিষিদ্ধ কৰা হৈছিল। এতিয়া সমগ্ৰ অসমতে সেয়া কাৰ্যকৰী হ’ব। দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰসংগও উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, অহা ৭ তাৰিখে দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাত এক সৰু সম্প্ৰসাৰণ হ’ব। কাইলৈ বা পৰহিলৈ সবিশেষ লাভ কৰিব। বৰাকৰ পৰা নিশ্চিতভাৱে স্থান পাব মন্ত্ৰীসভাত। এজনে পায় নে দুজনে পায় সেয়া চাব লাগিব। ইতিমধ্যে বিজেপি নেতৃত্বক এই সন্দৰ্ভত সবিশেষ তথ্য দাখিল কৰা হৈছে।
লগতে মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ পৰা বিমানবন্দৰলৈ যোৱা ৰাস্তা হ’ব ৬ লেনযুক্ত। গুৱাহাটী-বৰাপানী আৰু বৰাপানী-শিলচৰলৈ এক্সপ্ৰেছ হাইৱে’ৰ প্ৰকল্পৰ কথাও চিন্তা-চৰ্চা কৰা হৈছে। য’ত প্ৰায় ২৫ হাজাৰ কোটি টকা খৰচ হ’ব। মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলঙৰ প্ৰকল্প হাতত লোৱাৰ কথা চিন্তা-চৰ্চা কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।