২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত আমি নক্সালবাদক দেশৰ পৰা নিৰ্মূল কৰিমঃ গৃহমন্ত্ৰী অমিত শ্বাহ

Story by  atv | Posted by  [email protected] • 1 d ago
নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ হেৰুওৱা নক্সালবাদীৰ মৃতদেহ
নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ হেৰুওৱা নক্সালবাদীৰ মৃতদেহ
 
নতুন দিল্লী
 
ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দক্ষিণে অৱস্থিত বিজাপুৰত দেওবাৰে নিৰাপত্তা বাহিনীয়ে ৩১ জন নক্সালবাদীক গুলীয়াই হত্যা কৰে। এই অভিযানত ভাৰতীয় সেনাৰ দুজন সৈনিক শ্বহীদ হয়।
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে ভাৰতক নক্সালমুক্ত কৰাৰ দিশত নিৰাপত্তা বাহিনীৰ এয়া এক উল্লেখযোগ্য সফলতা বুলি অভিহিত কৰিছে। এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নিৰাপত্তা বাহিনীয়ে ভাৰতক নক্সালমুক্ত কৰাৰ প্ৰচেষ্টাত এক বৃহৎ সফলতা লাভ কৰিছে, এই অভিযানত ৩১ জন নক্সালবাদী নিহত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীয়ে কয় যে আজি মানৱ বিৰোধী নক্সালবাদ নিৰ্মূল কৰাৰ সমান্তৰালকৈ আমি দুজন সাহসী সৈনিকক হেৰুৱাইছো। এই বীৰসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব। শ্বহীদ জোৱানসকলৰ পৰিয়াললৈ শ্ৰী অমিত শ্বাহে আন্তৰিক সমবেদনা জ্ঞাপন কৰে। 
 
তেওঁ লগতে দৃঢ়তাৰে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত আমি নক্সালবাদক দেশৰ পৰা নিৰ্মূল কৰিম, যাতে কোনো নাগৰিকে ইয়াৰ বাবে নিজৰ প্ৰাণ হেৰুৱাব লগা নহয়।