যোগীঘোপাৰ অসমৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাল্টিম’ডাল লজিষ্টিক পাৰ্ক ভ্ৰমণ ভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুকৰ

Story by  atv | Posted by  Munni Begum • 11 h ago
ভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুক
ভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুক
 
গুৱাহাটী 
 
ভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুক শনিবাৰ আৰ্থাৎ ১৯ এপ্ৰিলত অসমৰ বঙাইগাঁও জিলাত অৱস্থিত যোগীঘোপাৰ নিৰ্মাণাধীন আন্তঃৰাষ্ট্ৰীয় মাল্টিম’ডাল লজিষ্টিক পাৰ্কত উপস্থিত হয়। 
 
বিশেষকৈ বাণিজ্য আৰু সংযোগৰ ক্ষেত্ৰত ভূটান আৰু ভাৰতৰ মাজত ক্ৰমবৰ্ধমান আঞ্চলিক সহযোগিতাৰ প্ৰতিফলন ঘটাই এই ভ্ৰমণে এক উল্লেখযোগ্য কূটনৈতিক আৰু অৰ্থনৈতিক ইংগিত চিহ্নিত কৰিছে। 
 
যদিও ৰাজকীয়া হেলিকপ্টাৰখন পুৱা ৮:৩০ বজাত অৱতৰণ কৰাৰ কথা আছিল, তথাপিও আগমনত কিছু পলম হয়। ৰজাৰ ভ্ৰমণৰ প্ৰত্যাশাত বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে, য’ত ভূটানৰ নিৰাপত্তাৰক্ষীৰ উপস্থিতি স্থানত নিয়োজিত কৰা হয়।
 
দেশৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাল্টিম’ডাল লজিষ্টিক হাব হিচাপে গঢ় লৈ উঠা লজিষ্টিক পাৰ্ক পৰিদৰ্শনৰ সময়ত ৰজাৰ লগত অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মাল্লাবাৰুৱা ৰজাৰ লগত গৈছিল। এই প্ৰকল্পই বাণিজ্যিক আন্তঃগাঁথনি বৃদ্ধি আৰু চুবুৰীয়া দেশ ভূটান, বাংলাদেশৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। 
 
স্থান পৰিদৰ্শনৰ পিছত ৰজাই ওচৰতে অৱস্থিত আভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) বন্দৰটোও ভ্ৰমণ কৰে। বিষয়াসকলে বিশ্বাস কৰে যে, যোগীঘোপা লজিষ্টিক পাৰ্কখন কাৰ্যক্ষম হ’লেই অঞ্চলটোৰ সীমা অতিক্ৰম কৰা বাণিজ্য আৰু লজিষ্টিক ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব, যাৰ ফলত অসমক দক্ষিণ-পূব এছিয়াৰ মূল দুৱাৰমুখ হিচাপে স্থান দিয়া হ’ব।