উদযাপন সমিতি সমূহলৈ বিহু সুৰক্ষা সমিতিৰ নিৰ্দেশনা; বৰ্জন কৰিব লাগিব বিহু সম্ৰাট-সম্রাজ্ঞী

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
বিহু সম্রাট', 'বিহু সম্রাজ্ঞী', 'বিহুৰাণী', 'মৌকুঁৱৰী' আদি বিশেষণ বৰ্জন কৰিবলৈ ৰাজ্যৰ বিহু উদযাপন সমিতিসমূহক নির্দেশ দিছে বিহু সুৰক্ষা সমিতি, অসমে। গুৱাহাটী প্রেছ ক্লাবত আজি সংবাদমেল অনুষ্ঠিত কৰি সমিতিৰ বিষয়ববীয়াই এই নির্দেশ দিয়ে।
 
লগতে আগত ৰঙালী বিহু উদযাপন কৰা সন্দর্ভত কেইবাটাও নির্দেশনা দি আজি যেন একপ্ৰকাৰ 'এছ অ' পি' ঘোষণা কৰিলে সমিতিৰ বিষয়ববীয়াই। বিহু সুৰক্ষা সমিতিৰ নির্দেশনা অনুসৰি মুকলি বিহু আৰু হুঁচৰিব একত্রিত কৰিব নোৱাৰিব, হুঁচৰিত থাকিব নোৱাৰিব যুৱতী, বিয়া নোহোৱা নাচনীক 'বিহুৰাণী' খিতাপ দিব নোৱাৰিব।
 
তদুপৰি বিহুৰ অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া, সদস্যই পাইজামা-পাঞ্জাবীৰ পৰিবৰ্তে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক। নিশা ১২ বজাৰ আগত বিহুৰ অনুষ্ঠান শেষ কৰিবলৈ বিহু সুৰক্ষা সমিতিয়ে নির্দেশ দিছে। ইয়াৰ লগতে জেঠ মাহপর্যন্ত বিহু অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ প্ৰতিখন উদ্যাপন সমিতিক আহ্বান জনাইছে বিহু সুৰক্ষা সমিতিয়ে।
 
বুধবাৰে সংবাদমেলত অংশ লৈ সমিতিৰ কৰ্ণধাৰ সদস্য পবিত্ৰ কুমাৰ শৰ্মাই এই সন্দর্ভত কয়- 'জাতীয় উৎসৱ বিহুৰ ঐতিহ্য-পৰম্পৰা, বৈশিষ্ট্য-মৌলিকতা আৰু পবিত্ৰতা ৰক্ষা কৰাত গুৰুত্ব দিব লাগিব। বিহুৰ অনুষ্ঠানত সর্বজনগৃহীত 'বৰ বিহুৱা', 'বৰ বিহুৱতী', 'সৰু বিহু' আদি বিশেষণেই যথেষ্ট। তদুপৰি বিহুগীত, বিহু নৃত্য, শব্দতকৈ বিহু নাম, বিহু নাচ আদি শব্দ ব্যৱহাৰ কৰিলে লোক-সংস্কৃতিৰ লগত বেছি খাপ খায়। বিহুৰ অনুষ্ঠানত উদ্যাপন সমিতিৰ সদস্যৰ লগতে বিচাৰকে জাতীয় সাজপাৰ পৰিধান কৰিব লাগিব।' ইয়াৰ লগতে বিচাৰকক স্বাধীনতা দিয়া, বিহুৰ অনুষ্ঠানত লোকশিল্পীক প্রাধান্য দিয়া, বিচাৰকক উচিত মাননি দিয়া, প্রতিযোগিতাত একাধিক বঁটা দিয়া আদি দিশত গুৰুত্ব দিবলৈ বিহু উদ্যাপন সমিতিসমূহক নির্দেশ দিয়ে বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়াই।
 
বুধবাৰৰ সংবাদমেলত সমিতিৰ উপদেষ্টা বিশ্বজনীন দত্ত, সম্পাদকপ্রধান ৰেৱ বৰা, বিত্ত সম্পাদক দেৱজিৎ শইকীয়া আৰু গুৱাহাটী সমিতিৰ সম্পাদক দেবাশিস বেজবৰুৱাও উপস্থিত থাকে।