গুৱাহাটী
উমৰাংছু’ কয়লা খনিত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। বুধবাৰে পুৱাৰে পৰা অৱ্যাহত থকা এই অভিযানৰ মাজতে নৌ সেনাৰ ডুবাৰুৱে পুৱাই খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
৬ জানুৱাৰীৰ পৰা মাটিৰ তলত আবদ্ধ হৈ থকা ৯ জন শ্ৰমিকৰ বাবে প্ৰায় ৪৮ ঘণ্টা ধৰি তীব্ৰ অনুসন্ধান চলোৱাৰ পিছত আজি এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰকাৰী দলে বাকী থকা খনিকৰসকলৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে এজনৰ মৃতদেহ উদ্ধাৰৰ খবৰ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে এক্সত লিখিছে, "২১টা পেৰা ডাইভাৰে খাদৰ ভিতৰৰ পৰা এজনৰ নিৰ্জীৱ মৃতদেহ উদ্ধাৰ কৰিছে। আমি তেওঁৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাইছো।"
আবদ্ধ হৈ থকা ৯জন শ্ৰমিকৰ বাকী ৮জন শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ উল্লেখ্য যে, মঙলবাৰৰ সন্ধিয়াৰে পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত কয়লা খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান স্থবিৰ হৈ পৰিছিল। দিনটোত কেইবাবাৰো উদ্ধাৰ অভিযান চেষ্টা চলোৱাৰ পাছতো শ্ৰমিকসকলক উদ্ধাৰ কৰাত ব্যৰ্থ হৈছিল উদ্ধাৰকাৰী দল৷
উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া ভাৰতীয় নৌ সেনাৰ ১২ জনীয়া এটা দল বিশাখাপট্টনমৰ পৰা আহি উমৰাংছ’ত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামে। তেওঁলোকে এতিয়া আন ৮জন শ্ৰমিকক উদ্ধাৰৰ বাবে পূৰ্ণগতিত অভিযান চলাই আছে।
উদ্ধাৰ প্ৰচেষ্টাত কেন্দ্ৰীয় কয়লা মন্ত্ৰী কিষাণ ৰেড্ডীয়ে সহযোগিতা আগবঢ়াইছে আৰু তেওঁ কয়লা ইণ্ডিয়া লিমিটেডক অতিৰিক্ত সহায় যোগান ধৰিবলৈ নিৰ্দেশ দিছে। ভাৰতীয় সেনা, অসম ৰাইফলছ, নৌসেনা, আৰু বায়ুসেনাৰ বিশেষ দলসমূহে নিৰন্তৰ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে।