বিষাক্ত হৈ পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী

Story by  atv | Posted by  Munni Begum • 4 d ago
মহাবাহু ব্ৰহ্মপুত্ৰ
মহাবাহু ব্ৰহ্মপুত্ৰ
 
বনজিৎ ঠাকুৰীয়া/গুৱাহাটী 
 
ভয়াৱহভাৱে বিষাক্ত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী। বৰলুইতৰ দুইপাৰৰ ভূগৰ্ভৰ পানীত মিহলি হৈ পৰিছে জীৱকুলৰ বাবে অতিশয় বিষময়ৰূপে পৰিচিত ৰাসায়নিক পদার্থ। 'পলিফ্লৰোলকিল ছাবষ্টেনচেছ' (পি এফ এ এছ) নামৰ এবিধ বিষাক্ত পদার্থ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূগৰ্ভৰ পানীত মিহলি হৈ পৰাত ভাবুকি নামি আহিছে অসমৰ সভ্যতা-সংস্কৃতিলৈ।  
 
ৰঙা চীনে মহাবাহু ব্রহ্মপুত্ৰৰ ওপৰত নির্মাণ কৰিব ওলোৱা মানৱ ইতিহাসৰ সর্ববৃহৎ নদীবান্ধৰ পৰিকল্পনাই অসমৰ সভ্যতা-সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে পোহৰলৈ আহিছে এই তথ্য। চাংসাৰিস্থিত নেচনেল ইনষ্টিটিউট অব্ ফার্মাচিউটিকেল এডুকেচন এণ্ড ৰিছার্চ চমুকৈ এন আই পি ই আৰৰ এদল গৱেষকৰ গৱেষণাত প্রকাশ পাইছে এই ভয়ংকৰ খবৰ। 
 
শিক্ষা আৰু গৱেষণাৰ ৰাষ্ট্ৰীয় প্রতিষ্ঠানটোৰ 'ফার্মাচিউটিকেল এনালাইছিছ' বিভাগৰ উদ্যোগত সমাপন হোৱা গৱেষণা কার্যত ব্ৰহ্মপুত্ৰৰ জলভাগ আৰু ভূগৰ্ভৰ পানী ভয়াৱহভাৱে প্ৰদূষিত হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে। গৱেষক আদিত্য শর্মা, শচীন বি জ'ৰভেকাৰ, সুজয় ভৌমিক, পুৰুষোত্তম মহাপাত্র আৰু ৰোছন এম বৰকাৰৰ দ্বাৰা গঠিত গৱেষকৰ দলটোৱে লাভ কৰা গৱেষণাৰ ফচল ইতিমধ্যে প্রকাশ হৈছে আন্তঃৰাষ্ট্ৰীয় জার্নেলত। 
 
ৰয়েল ছ'চাইটি অব্ কেমেষ্ট্ৰিৰ 'এনভাইৰনমেন্টেল ছায়েন্স প্রচেছ এণ্ড ইম্পেক্ট' নামৰ জার্নেলখনত প্রকাশ পাইছে 'কমপ্রেহেনছিভ এছেছমেন্ট অব্ পাৰ এণ্ড পলিফুৰোলকিল ছাবষ্টেনচেছ (পি এফ এ এছ) কণ্টামিনেচন ইন গ্রাউণ্ড বাটাৰ অব্ কামৰূপ, আছাম, ইণ্ডিয়া: অকিউৰেন্স, হেল্থ ৰিস্কছ এণ্ড মেটাব'ল'মিক ইনছাইটছ' শীর্ষক গৱেষণা পত্রিকাখনত প্রকাশ পাইছে বৰলুইতৰ পানীত নিহিত হৈ থকা বিষাক্ত ৰাসায়নিক দ্রব্যৰ তথ্য। 
 
প্রধানতঃ কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ভিন্ন উৎসৰ পৰা ভূগৰ্ভৰ পানীৰ নমুনা সংগ্রহ কৰি গৱেষকৰ দলটোৱে গৱেষণা কৰিছে যদিও ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অর্থাৎ মূল জিলা দুখনৰ সীমামূৰীয়া জিলা ওদালগুৰি, বাক্সা, দৰং, গোৱালপাৰা, নলবাৰীৰ তথ্যও সন্নিবিষ্ট এই গৱেষণা কার্যত। এক কথাত ক'বলৈ গ'লে বৃহত্তৰ কামৰূপ অঞ্চলৰ ভূগর্ভৰ পানীৰ গুণগত মান পৰীক্ষা কৰিবলৈ গৈ গৱেষকৰ দলটোৱে লাভ কৰিছে ভয়াৱহ তথ্য। 
 
প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অঞ্চলসমূহৰ কুঁৱা, দমকল আৰু 'ব'ৰ ৱেল'ৰ পানী সংগ্ৰহ কৰি ৰাসায়নিক দ্রব্যৰ উপস্থিতি সম্পর্কে পৰীক্ষা চলোৱা হৈছে। বৈজ্ঞানিক পদ্ধতিৰ সম্পূৰ্ণ নীতি-নিয়ম মানি চলোৱা গৱেষণাত প্রকাশ পায় যে, বৃহত্তৰ কামৰূপ অঞ্চলৰ ভূগৰ্ভৰ পানীত অত্যধিক পৰিমাণে নিহিত হৈ আছে 'পি এফ এ এছ'। কামৰূপ অঞ্চলৰ পানীত বিষাক্ত দ্রব্যবিধৰ প্ৰদূষণৰ হাৰ দেশৰ ভিতৰতে সর্বাধিক বুলি ভিন্ন অধ্যয়নৰ জৰিয়তে গৱেষকৰ দলটোৱে নিশ্চিত হয়।  
 
উল্লেখযোগ্য যে, 'পি এফ এ এছ' হৈছে একাধিক কৃত্রিম ৰাসায়নিক পদাৰ্থৰ সমষ্টি। তেল, পানী, উষ্ণতা প্রতিৰোধী এইবিধ ৰাসায়নিক পদাৰ্থৰ সমষ্টিয়ে সমগ্র পাৰিপার্শ্বিক ব্যৱস্থাটোকে সাংঘাতিকভাৱে ক্ষতি কৰে। বিশেষকৈ পানী আৰু বায়ুত দ্রব্যবিধ মিহলি হৈ পৰিলে জীৱকুলৰ বাবে অত্যন্ত ক্ষতিকাৰকৰূপে প্রতিপন্ন হয়। 
 
বয়ন শিল্প, কার্পেট প্রস্তুত, ফুড পেকেজিং, 'ফায়াৰ ফাইটিং ফ'মছ', ৰং আদি প্রস্তুতত 'পি এফ এ এছ' ব্যৱহাৰ হয়, যদিও এইবিধ ৰাসায়নিক দ্রব্য মানৱ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক। প্ৰধানকৈ ভূগৰ্ভৰ বিষময় পানী সেৱন কৰি স্বাস্থ্যজনিত জটিল সমস্যাৰ সম্মুখীন হয় আবাল-বৃদ্ধ-বনিতা। মাৰাত্মক কর্কট, বৃক্ক, হাড় তথা নৱজাতকৰ ৰোগৰ সম্ভাৱনা এইবিধ দ্রব্যই অভাৱনীয় হাৰত বৃদ্ধি কৰে। 
 
গৱেষকৰ দলটোৰ মতে, ঔদ্যোগিক আৰু নির্মাণকার্যত ব্যৱহৃত ভিন্ন ৰাসায়নিক দ্রব্য, কল-কাৰখানাৰ আৱৰ্জনা আদিয়ে দূষিত কৰে জলধাৰাৰ পানী। বিশেষকৈ ভিন্ন উৎসৰ পৰা আহি সংমিশ্রণ হোৱা 'পি এফ এ এছ'ৰ কণিকাই ব্ৰহ্মপুত্ৰৰ পানী বিষাক্ত কৰি তুলিছে। পৌৰ নিগমৰ পেলনীয়া পানী, কৃষিকার্যত ব্যৱহৃত ৰাসায়নিক সামগ্রী, ঔদ্যোগিক আৱৰ্জনাৰ মাধ্যমেৰে বিষাক্ত ৰাসায়নিক সামগ্ৰীবিধ ব্রহ্মপুত্ৰৰ পানীলৈ প্রবাহিত হয়। তথ্য অনুসৰি বৃহত্তৰ কামৰূপ অঞ্চল ইয়াৰ দ্বাৰা অতি ভয়াৱহভাৱে প্রভাৱিত হৈছে।    
 
সমগ্র অঞ্চলটোৰ জলভাগ 'পি এফ এ এছ'ৰ দ্বাৰা দূষিত হৈছে। বিশেষকৈ ব্রহ্মপুত্র নদীখন উজনিৰ পৰা নামনিলৈ বৈ আহোতে ভিন্ন উপনৈ, নলাৰ জৰিয়তে পৌৰ নিকায় আৰু উদ্যোগৰ অব্যৱহৃত সামগ্রীসমূহ মিহলি হয়। কেৱল সেয়ে নহয়, খেতিপথাৰৰ অব্যৱহৃত সাৰ, চহৰৰ পথসমূহৰ আৱৰ্জনাসমূহ নলা বা উপনৈৰে আহি ব্ৰহ্মপুত্ৰত পৰে। যিয়ে ব্ৰহ্মপুত্ৰৰ জলভাগক ইমানেই দূষিত কৰিছে যে, দেশৰ আন প্রান্তৰ তুলনাত লুইতৰ পানীত 'পি এফ এ এছ'ৰ পৰিমাণ অতি বেছি দেখা গৈছে। 
 
গৱেষণাৰ তথ্য অনুসৰি কামৰূপ মহানগৰত পি এফ এ এছৰ পৰিমাণ ২.৪৬ এন জি-এল' টু ৪৬৯.৪৫ এন জি-এল' আৰু কামৰূপ জিলাত ১২৩ এন জি এল' টু ৩২১.৮২ এন জি-এল'। এই বিষাক্ত পদার্থবিধে কর্কট, বৃক্ক, হাড়, নৱজাতকৰ ৰোগৰ সমস্যা বৃদ্ধিৰ আশংকা ঘনীভূত কৰে যদিও অধ্যয়নটোত দেখা গৈছে যে, 'পি এফ এ এছ'ৰ আন এটা প্ৰকাৰ পি এফ বি এছ ব্ৰহ্মপুত্ৰৰ পানীত মিহলি হৈ থকাৰ বাবে বৃহত্তৰ কামৰূপ অঞ্চলত বৃক্ক বিকল হোৱাৰ সমস্যা অত্যধিক হৈ পৰিছে। এই বিষাক্ত ৰাসায়নিক দ্রব্যবিধে বৃক্কৰ কোষসমূহ অকামিলা কৰি তোলে। তাৎপর্যপূর্ণভাৱে ভিন্ন তথ্য, 'নক্সা', ছবি আদি সংযুক্ত কৰি গৱেষণা প্রতিবেদনখন প্রস্তুত কৰিছে গৱেষকসকলে। 
 
শেহতীয়াকৈ প্রকাশ পোৱা প্রতিবেদনখনে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে ৰাজ্যৰ বিদ্বৎ মহলক। কিয়নো বৃহত্তৰ কামৰূপ অঞ্চলৰ পানীৰ গুণগত মান এই গৱেষণাত প্ৰকাশ কৰা হৈছে যদিও স্বাভাৱিকতে মহাবাহুৰ দুয়োপাৰৰ ভয়াৱহতাৰ ছবিখন অতি স্পষ্ট ৰূপত প্রকাশিত হৈছে। প্রতিবেদনখনত উল্লেখ নাই যদিও নাম প্রকাশত অনিচ্ছুক একাংশ গৱেষকৰ মতে, যিমানেই ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে গৈ পানীৰ নমুনা পৰীক্ষা কৰা হৈছে, সিমানেই ভূগর্ভৰ পানীত পি এফ এ এছৰ পৰিমাণ অত্যধিক হৈছে। 
 
এক কথাত ক'বলৈ গ'লে ব্রহ্মপুত্ৰত অহৰহ বৈ থকা দূষিত পানীয়ে প্রদূষিত কৰিছে ভূগৰ্ভৰ পানীকে। যিয়ে ব্রহ্মপুত্র উপত্যকাত বসবাস কৰি থকা লোকৰ মাজত মাৰাত্মক ব্যাধিৰ প্রকোপ বৃদ্ধি কৰিছে। ইয়াৰ মাজতে ৰঙা চীনে মহাবাহুৰ পাৰত চলোৱা নির্মাণকার্য নাইবা দেশখনৰ ভিন্ন ঔদ্যোগিক আৱৰ্জনাই অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ লুইতক ভয়াৱহভাৱে দূষিত কৰি তুলিছে নেকি বুলিও চর্চা হৈছে। ফলত মানৱ ইতিহাসৰ সৰ্ববৃহৎ নদীবান্ধটোৱে অসমীয়া জাতিলৈ ভয়ংকৰ ভৱিষ্যতৰ ভাবুকি কঢ়িয়াইছে। একেদৰে মহাবাহুৰ প্ৰদূষিত পানীয়েও ব্রহ্মপুত্র উপত্যকালৈও ভয়াৱহ দিনৰ সূচনা কৰিব পাৰে নেকি বুলি প্রশ্ন উত্থাপিত হৈছে।  


শেহতীয়া খবৰ