ভাবুকি ভিডিঅ'ৰ বাবে খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত পান্নুনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী গোচৰ ৰুজু

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
গুৰপতৱন্ত পান্নুন
গুৰপতৱন্ত পান্নুন
নতুন দিল্লী 

এয়াৰ ইণ্ডিয়া বিমান সংস্থাটোক ১৯ নৱেম্বৰৰ পৰা বিমান সেৱা বন্ধ কৰাৰ ভাবুকি দিয়াৰ অভিযোগত ঘোষিত সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ লগতে কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।

৪ নৱেম্বৰত প্ৰকাশ পোৱা ভিডিঅ’ মেছেজত পান্নুনে শিখসকলক তেওঁলোকৰ জীৱনৰ প্ৰতি সম্ভাৱ্য ভাবুকিৰ কথা উল্লেখ কৰি ১৯ নৱেম্বৰত আৰু তাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা বন্ধ কৰিবলৈ কৈছিল।

নিষিদ্ধ "অবৈধ সংস্থা" শিখছ ফৰ জাষ্টিছ (এছ এফ জে)ৰ স্বঘোষিত 'জেনেৰাল কাউনচেল' পান্নুনে বিভিন্ন সামাজিক মাধ্যমত এই ভিডিঅ' বাৰ্তা প্ৰকাশ কৰিছিল। ইয়াৰ পিছত হাই এলাৰ্ট জাৰি কৰা হয় আৰু কানাডা, ভাৰত আৰু এয়াৰ ইণ্ডিয়াই বিমান চলোৱা আন কিছুমান দেশৰ নিৰাপত্তা বাহিনীয়ে তদন্ত আৰম্ভ কৰে।

২০১৯ চনৰ পৰাই পান্নুনে এন আই এৰ সন্ধানত আছিল, যেতিয়া তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে প্ৰথমটো গোচৰ ৰুজু কৰিছিল। ছেপ্টেম্বৰ মাহত এন আই এয়ে পঞ্জাৱৰ অমৃতসৰত আৰু চণ্ডীগড়ৰত  তেওঁৰ ঘৰ-মাটি জব্দ কৰিছিল।

২০২১ চনৰ ৩ ফেব্ৰুৱাৰীত এন আই এৰ বিশেষ আদালতে পান্নুনৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল আৰু যোৱা বছৰ ২৯ নৱেম্বৰত তেওঁক "ঘোষিত অপৰাধী" হিচাপে ঘোষণা কৰিছিল।