তিৰুপতি মন্দিৰৰ লাড়ুত অপবিত্ৰ সামগ্ৰী মিশ্ৰণৰ গোচৰত ৪ জনক গ্ৰেপ্তাৰ চিবিআইৰ

Story by  atv | Posted by  [email protected] • 1 d ago
তিৰুপতি মন্দিৰ
তিৰুপতি মন্দিৰ

অমৰাৱতী (অন্ধ্ৰ প্ৰদেশ)

তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, তিৰুপতি মন্দিৰৰ লাড্ডুত ব্যৱহৃত ঘিত অপবিত্ৰ সামগ্ৰী মিশ্ৰণৰ ঘটনাৰ সৈতে জড়িত চাৰিজন ব্যক্তিক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চিবিআইয়ে বিষয়টোৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰিছিল।
 
তামিলনাডুৰ এ আৰ ডেইৰী, উত্তৰ প্ৰদেশৰ পৰাগ ডেইৰী, প্ৰিমিয়াৰ এগ্ৰি ফুডছ, আলফা মিল্ক ফুডছকে ধৰি তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)লৈ ঘিউ যোগান ধৰা সংগঠনৰ সৈতে জড়িত হৈ আছে গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকল।
 
গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ভোলে বাবা ডেইৰী (ৰূৰকী, উত্তৰাখণ্ড), বৈষ্ণৱী ডেইৰী (পুনাম্বকম)ৰ প্ৰাক্তন সঞ্চালক বিপিন জৈন আৰু পমিল জৈন, বৈষ্ণৱী ডেইৰী (পুনামবক্কাম)ৰ চিইঅ’ অপূৰ্ব বিনয় কান্ত চাওদা, আৰু এ আৰ ডেইৰী (ডুণ্ডিগাল)ৰ এমডি ৰাজু ৰাজশেখৰণ। তদুপৰি, টিডিপিৰ মতে, তিৰুপতীত তিনিদিন ধৰি জেৰা কৰা হৈছিল যদিও তেওঁলোকৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ পোৱাৰ পিছতো তেওঁলোকে তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই বুলি জানিব পৰা গৈছে।
 
উল্লেখ্য যে, তিৰুমালা শ্ৰীবাৰী লাড্ডুত ব্যৱহৃত ঘিউত পশুৰ মৃতদেহৰ অৱশিষ্ট পোৱাৰ আপত্তিজনক অভিযোগ উত্থাপন হৈছে, যাৰ ফলত ভক্তসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
 
টিডিপিৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই তদন্তৰ নেতৃত্বত আছে চিবিআই হায়দৰাবাদ সংমণ্ডলৰ যুটীয়া সঞ্চালক বীৰেশ প্ৰভুৱে, বিশাখা চিবিআইৰ এছপি মুৰালিৰম্বা, ডিআইজি গোপীনাথ জেটী, আইজি সৰ্বশ্ৰেষ্ঠ ত্ৰিপাঠী, আৰু এফএছএছএআইৰ বিষয়া সত্যকুমাৰ পাণ্ডা। 
 
টিডিপিয়ে জনোৱা মতে, তামিলনাডুৰ তিৰুমালা, তিৰুপতি, আৰু এ আৰ ডেইৰীৰ কেন্দ্ৰকে ধৰি একাধিক স্থানত পৰিদৰ্শন কৰা হৈছে। টিটিডিৰ সৈতে চুক্তিবদ্ধ হোৱা এ আৰ ডেইৰীক একাধিক অনিয়মৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। টিডিপিয়ে লগতে কয় যে তদন্তৰ নিৰীক্ষণৰ বাবে যুটীয়া সঞ্চালক বীৰেশ প্ৰভুক তিৰুপতীত নিয়োজিত কৰা হৈছে।