গিবন অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কেন্দ্ৰই

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
খাৰুৱা তেলৰ সন্ধান আৰু উত্তোলনৰ খননে বাঘজান এলেকাত হলৌৰ প্রাকৃতিক বিচৰণভূমি ধ্বংস কৰাৰ পিচত চৰকাৰে কেৱল পুঁজিপতি ব্যক্তিগত কোম্পানীৰ স্বাৰ্থত ধ্বংসৰ মুখলৈ ঠেলি দিছে গিবন অভয়াৰণ্যৰ বিভিন্ন বন্যপ্রাণী আৰু মূল্যৱান উদ্ভিদ প্রজাতিৰ লগতে বিৰল হলৌকেইটাক। 
 
দক্ষিণ এছিয়াৰ একমাত্র বনমানুহ হলৌৰ অসমৰ প্ৰধান বাসস্থান গিবন অভয়াৰণ্যত খাৰুৱা তেলৰ সন্ধান চলাবলৈ অনিল আগৰৱাল মালিকানাধীন বেদান্ত কোম্পানীৰ অধীনস্থ কেইর্ন ইণ্ডিয়াক অনুমতি দিছে মাত্র ৪.৪ হেক্টৰ এলেকাৰ সংৰক্ষিত বনাঞ্চলখনৰ ইক'ছেনছিটিভ এলেকাত। ইয়াৰ লগে লগে যেন নিশ্চিত হৈ পৰিছে অস্তিত্ব ৰক্ষাৰ বাবে জীৱন সংগ্ৰামৰ যুঁজ দি থকা হোলোঙাপাৰৰ হলৌ পৰিয়ালকেইটাৰ বিলুপ্তি। 
 
কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰ্যালয়ে এখন অভয়াৰণ্যৰ ঘোষিত ইক'ছেনছিটিভ এলেকাৰ ভিতৰত তেল আৰু গেছৰ অন্বেষণ আৰু উদ্‌ঘাটনৰ বাবে 'নীতিগত' কাৰণৰ নাম লৈ বেদান্তৰ দৰে ব্যক্তিগত পুঁজিপতি গোষ্ঠীক অনুমতি দিয়াত দেশে-বিদেশে বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমৰ বিজেপি চৰকাৰে অনুমোদন দিয়াৰ পিচত এতিয়া কেন্দ্রীয় বন, পৰিবেশ, জলবায়ু মন্ত্ৰ্যালয়ৰ 'ফৰেষ্ট এডভাইছৰি কমিটীয়ে' হোলোঙাপাৰত ধ্বংসযজ্ঞ চলাবলৈ অনুমতি দিয়ে। 
 
লক্ষণীয় যে, 'ষ্টেজ ৱান' নামৰ এই অনুমতি দিয়া হৈছে অসমৰ বন্যপ্রাণী বিৰল প্রাণীসমূহৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি আৰু পাৰিবেশিক গুৰুত্ব বুজি নোপোৱা ৰাজ্যখনৰ স্বয়ং প্রধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ আৰু চীফ বাইল্ড লাইফ বার্ডেনে। গিবনৰ দৰে এখন ক্ষুদ্র আৰু অৱশিষ্ট চহকী অভয়াৰণ্যৰ ইক'ছেনছিটিভ জ'নত ধ্বংসকার্য চলাবলৈ প্রকৃতিবিদ আৰু বিজ্ঞানী সদস্য হৈ থকা অসম চৰকাৰৰ ৱাইল্ড লাইফ ব'র্ডে কিদৰে অনুমতি দিলে বুলিও সকলোৱে প্রশ্ন কৰিছে। 
 
অসমৰ মুখ্যমন্ত্ৰী অধ্যক্ষৰ পদত থকা এই ব'ৰ্ডখনে যোৱা ২৭ আগষ্টৰ সভাত গিবন অভয়াৰণ্যত খাৰুৱা তেলৰ সন্ধান চলালে ভাৰতৰ একমাত্ৰ বনমানুহ হলৌৰ পৰিয়ালকেইটাৰ লগতে আন প্রজাতিসমূহ যে বিপদগ্রস্ত হ'ব, সেয়া কিয় স্পষ্ট নকৰিলে বুলি প্রশ্ন আৰু সন্দেহৰ উদ্ৰেক হৈছে। 
 
ড° পৰিমল ভট্টাচাৰ্যৰ মতে ড্রিলিং কার্যই অভয়াৰণ্যখনৰ বনৰীয়া হাতীৰ জাকসমূহকো আতংকগ্রস্ত কৰি তুলিব। প্রকৃতিবিদ অপূর্ব বল্লভ গোস্বামীয়ে কৈছে- এই খননে কাষৰীয়া অঞ্চলসমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ তীব্ৰ কৰি তুলিব। বিপদত পৰিব কৃষক পৰিয়ালসমূহ।
 
উল্লেখনীয় যে, তামিলনাডু বেদান্ত কোম্পানীৰ বহুকেইটা প্রকল্পই পৰিবেশ ধ্বংস কৰা বাবে ৰাজ্য চৰকাৰে বন্ধ কৰি দিছে। গিবন অভয়াৰণ্যৰ ইক'ছেনছিটিভ জ'নত বেদান্তৰ দৰে কোম্পানীক তেল, গেছৰ খনন চলাবলৈ অনুমতি দিছিল অসম ৰাজ্যিক বন্যপ্রাণী পৰিষদেও।