মুকলিৰ বাবে সাজু বিশ্বৰ সবাটোকৈ উচ্চ ৰে'লসেতু চেনাব ৰে'লসেতু

Story by  atv | Posted by  Munni Begum • 6 h ago
 বিশ্বৰ সবাটোকৈ উচ্চ ৰে'লসেতু চেনাব ৰে'লসেতু
বিশ্বৰ সবাটোকৈ উচ্চ ৰে'লসেতু চেনাব ৰে'লসেতু
 
শ্ৰীনগৰ 
 
যোগাযোগ, যাতায়াতৰ ক্ষেত্ৰত দেশৰ অন্য প্রান্তৰ তুলনাত পিচপৰি আছিল ভূ-স্বর্গ কাশ্মীৰ। কিন্তু অতিশীঘ্ৰে ভাৰতীয় ৰে'লে ভূ-স্বর্গ কাশ্মীৰ উপত্যকাক দেশৰ অন্য প্রান্তৰে সংযোগ কৰি নতুন দিগন্তৰ সূচনা কৰিবলৈ ওলাইছে। বিজ্ঞান, প্রযুক্তিবিদ্যাৰ চমক, ভাৰতীয় অভিযন্তাৰ নিৰৱচ্ছিন্ন কষ্টৰ বিনিময়ৰ ফলতে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰতীয় ৰে'লে উকি মাৰি যোৱাৰ পথ প্রশস্ত হৈছে। 
 
কিয়নো প্রবল প্রত্যাহ্বানকো নেওচি বাক্কাল আৰু কৌৰীক বিচ্ছিন্ন কৰি ৰখা চেনাব নদীৰ ওপৰত ভাৰতীয় ৰে'লে নির্মাণ কৰিছে বিশ্বৰ ভিতৰতে উচ্চতম ৰে'লসেতু চেনাব ৰে'লসেতু। ১.৩১৫ মিটাৰ দৈৰ্ঘ্যৰ সেতুখনৰ উচ্চতাই হৈছে চেনাব নদীৰ পৃষ্ঠৰ পৰা ৩৫৯ মিটাৰ। এই উচ্চতাই অতিক্রম কৰিছে বিশ্বৰ সপ্তম আশ্বৰ্যৰ অন্যতম ফ্ৰান্সৰ পেৰিছত থকা আইফেল টাৱাৰকো। 
 
বিজ্ঞান-প্রযুক্তিবিদ্যাৰ চমকেৰে নির্মাণ কৰা চেনাব ৰে'লসেতু আইফেল টাৱাৰতকৈ ৩৫ মিটাৰে ওখ। ভাৰতৰ কুটুব মিনাৰতকৈ পাঁচগুণ ওখ। অকল উচ্চতাই নহয়, চেনাব নদীৰ দুয়োপাৰৰ পৰা ধেনুভিৰীয়া গাঁথনিৰে নিৰ্মাণ কৰাৰ বাবে চেনাব ৰে'লসেতু ইয়াৰ বাবেও বিশ্ববাসীৰ বাবে আশ্বর্য আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। ৰে'লসেতু নির্মাণৰ দায়িত্বত থকা কোংকান ৰে'লৱে কর্প'ৰেচন লিমিটেডৰ এগৰাকী বিষয়া আৰ আৰ মালিকে জানিবলৈ দিয়া অনুসৰি ঘণ্টাত ২৬৬ কিলোমিটাৰ বেগত বলা বতাহকো প্রতিৰোধ কৰাৰ ক্ষমতা আছে চেনাব ৰে'লসেতুৰ। চেনাবৰ ওপৰেৰে প্রতিঘণ্টাত ১০০ কিলোমিটাৰ বেগেৰে চলিব পাৰিব ৰে'ল। 
 
মন কৰিবলগীয়া যে, অকল ভাৰতীয় অভিযন্তা জড়িত থকা সেতুখনৰ আয়ুস ১২০ বছৰ বুলিও অভিযন্তাসকলে নিশ্চয়তা প্রদান কৰিছে। স্বাভাৱিকতে হিমালয়ৰ দৰে ভৌগোলিক অৱস্থান, ভূকম্পপ্রৱণ অঞ্চলত ভাৰতীয় অভিযন্তাৰ এনে কাৰিকৰী সফলতাই দেশৰ অভিযান্ত্রিক ক্ষেত্রখনকো গৌৰৱান্বিত কৰিছে। 
 
১.৪৮-৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা চেনাব সেতুৰ নির্মাণকার্যও ইতিমধ্যে সম্পূর্ণ হৈছে। এতিয়া সময়লৈহে অপেক্ষা। কোংকন ৰে'লৱে কৰ্পৰেচন লিমিটেডৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে যোৱা ২৮ জুনত ৰে'ল সুৰক্ষা আয়োগৰ (চি আৰ এছ) পৰীক্ষণো হৈছে। নতুন বছৰৰ ৫ জানুৱাৰীত ৰে'ল সুৰক্ষা আয়োগে চূড়ান্ত পৰীক্ষণ সম্পন্ন কৰিব আৰু সকলো ঠিকে-ঠাকে থাকিলে অহা ২০ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে চেনাব ৰে'লসেতু মুকলি কৰাৰ সম্ভাৱনা আছে। 
 
সেতুৰ লগতে এটা সুবিশাল সংগ্ৰহালয় নির্মাণৰ কামো তীব্রগতিত চলিছে। আৰ আৰ মালিকে জানিবলৈ দিয়া অনুসৰি চেনাব ৰে'ল সেতুৰ বিভিন্ন আলোকচিত্র, তথ্য থাকিবলগীয়া সংগ্ৰহালয়টো প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ পৰা ২০ জানুৱাৰীৰ পূর্বেই সম্পূর্ণ কৰিবলৈও নির্দেশ দিছে। অর্থাৎ নতুন বছৰৰ প্ৰথম মাহতেই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ সংযোগ ঘটিব ভাৰতীয় ৰে'লসেৱাৰ। 
 
উল্লেখযোগ্য যে, কাশ্মীৰক ৰে'লসেৱাৰে সংযোগ কৰাৰ বাবে ১৯৯৯ চনতেই ৰে'ল মন্ত্র্যালয়ে উধমপুৰ-শ্রীনগৰ-বাৰামূলা ৰে'ল সংযোগ প্রকল্পৰ পৰিকল্পনা কৰিছিল আৰু ২০০২ চনত ইয়াক ৰাষ্ট্রীয় প্রকল্প হিচাপেও ঘোষণা কৰা হয়। ইয়াৰ পিচতে ২০০৪ চনত নিবিদা আহ্বান কৰাৰ পিচতে ২০০৪ চনৰ পৰাই আৰম্ভ হয় চেনাব ৰে'লসেতু নির্মাণৰ কাম আৰু ২০২৪ চনত পূর্ণতা লাভ কৰে। একেটা প্রকল্পৰ অধীনতে উধামপুৰৰ পৰা বাৰামূলাৰ মাজৰ ৰে'লপথছোৱাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অনন্য প্রয়োগেৰে আন এখন দৃষ্টিনন্দন ৰে'লসেতুও নির্মাণ কৰা হৈছে। বিয়াসী জিলাত নির্মাণ কৰা অনজি সেতুখনেই হৈছে দেশৰ প্রথমখন ওলমি থকা সেতু। কাটৰা আৰু বিয়াসীক সংযোগ কৰি নিৰ্মাণ কৰা ৭২৫ মিটাৰ দৈৰ্ঘ্যৰ সেতুখনত আছে ৯৬ ডাল কেবল। 
 
সেতুখনৰ নিৰ্মাণৰ দায়িত্বত থকা এগৰাকী অভিযন্তাই জানিবলৈ দিয়া অনুসৰি জোৰেবে বলা বতাহক প্রতিৰোধ কৰিবলৈয়ে কেবল ব্যৱহাৰ কৰা হৈছে। ঘণ্টাত ২১৩ কিলোমিটাৰ বেগত বলা বতাহক প্রতিৰোধ কৰিবলৈ সেতুখন সক্ষম হ'ব বুলিও তেওঁ কয়। অনজি সেতুৰ কামো ইতিমধ্যে সম্পূর্ণ হৈছে। ক'বলৈ গ'লে উধামপুৰৰ পৰা শ্রীনগৰ হৈ বাৰামূলালৈ ৰে'লপথ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। চেনাব ৰে'লসেতু আৰু অনজি সেতুৰ সামৰিক সুৰক্ষাজনিত দিশটোৰ প্ৰতিও ৰে'ল বিভাগে গুৰুত্ব প্রদান কৰিছে। 
 
এইখিনিতে উল্লেখ কৰিব পাৰি যে, ইতিমধ্যে বাৰমূলাৰ পৰা চান্দালগানলৈকে ৰে'লসেৱাও আৰম্ভ হৈছে। প্রায় ছমাহ পূর্বেই উক্ত পথত ৰে'লৰ চলাচলো আৰম্ভ কৰা হৈছে। এতিয়া প্রতিদিনে বাৰামূলাৰ পৰা চাংগালদানলৈ দুখনকৈ যাত্রীবাহী ৰে'ল চলাচল কৰে বুলিও এগৰাকী বিষয়াই জানিবলৈ দিয়ে। কিন্তু চাংগালদানৰ পৰা কাটৰালৈকে ৰে'লপথ নির্মাণৰ কাম সম্পূর্ণ হ'লেও এতিয়াও ৰে'লসেৱা আৰম্ভ কৰিব পৰা নাই ৰে'ল বিভাগে। এই পথছোৱাৰ মাজতে আছে চেনাব ৰে'লসেতু আৰু অনজি সেতু। 
 
উল্লেখযোগ্য যে, বাক্কাল আৰু চাংগালদানৰ মাজত সাগৰপৃষ্ঠৰ পৰা ৮০৭.৮২৫ মিটাৰ উচ্চতাত অত্যাধুনিক সুবিধা প্রদানেৰে বিয়াসী ৰে'ল ষ্টেচনো সাজু কৰি তোলা হৈছে। জানিব পৰামতে, কাটৰাৰ পৰা চাংগালগানলৈকে ৮০ টা সৰু-বৰ সুৰংগ নিৰ্মাণ কৰা হৈছে। ইয়াৰে ভিতৰত আটাইতকৈ দীঘল সুৰংগ (টি-৫০)ব দৈর্ঘ্য হৈছে প্রায় ১২.৭৭ কিলোমিটাৰ। সকলোৰে এতিয়া দৃষ্টি নিৱদ্ধ চেনাব ৰে'লসেতুৰ ওপৰতে। চেনাব ৰে'লসেতু মুকলি হ'লেই কাটৰাৰ পৰা বাৰামূলা-উধামপুৰলৈ চলিব ভাৰতীয় ৰে'ল। ইতিমধ্যে কাটৰালৈকে ভাৰতীয় ৰে'লে সেৱা আগবঢ়াই আছে। উত্তৰাঞ্চল ৰে'ল কর্তৃপক্ষই সদৰী কৰা অনুসৰি চেনাব নদীৰ ওপৰেৰে ৰে'ল চলিলেই অকল কাশ্মীৰেই নহয়, দেশৰ অর্থনৈতিক, সামৰিক, পর্যটন আদি ক্ষেত্রতো ব্যাপক পৰিবৰ্তন আহিব। কাশ্মীৰবাসীয়ে লাভ কৰিব নতুন গতি। 
 
উল্লেখযোগ্য যে, দেশৰ অন্য প্রান্তৰ সৈতে কাশ্মীৰ উপত্যকালৈ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ। কাশ্মীৰত বিশেষকৈ ফল-মূলেই উৎপাদন হয়। কাশ্মীৰৰ পৰাই দেশৰ অন্যান্য প্রান্তলৈ কেইবাবিধো ফলৰ ৰপ্তানিও হয়। কিন্তু কাশ্মীৰত ভঁৰালৰ অভাৱ। স্বাভাৱিকতে ভূমিস্খলনৰ বাবেই হওক বা তুষাৰপাতৰ বাবেই হওক, ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে যাতায়াত ব্যাহত হ'লেই ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হয় কাশ্মীৰৰ কৃষকসকল। ৰে'লসেৱাৰে কাশ্মীৰ উপত্যকা সংযোগ হ'লেই কৃষকসকলৰ লগতে কাশ্মীৰৰ হস্তশিল্প, স্থানীয় উদ্যোগসমূহেও অর্থনৈতিকভাৱে লাভান্বিত হ'ব। ভূ-স্বর্গখ্যাত কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰখনেও নতুন ৰূপ লাভ কৰিব। পর্যটকৰ বাবে যে, চেনাব ৰে'লসেতু আৰু অনজি সেতু আকৰ্ষণৰ কেন্দ্র হ'ব সেয়াও ধুৰুপ।