ইম্ফল
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মঙলবাৰে ৰাজ্যবাসীৰ ওচৰত ২০২৩ চনৰ মে’ মাহৰ পৰা সংঘটিত হোৱা গোষ্ঠীগত হিংসাৰ বাবে ক্ষমা বিচাৰিছে, আৰু সকলো শ্ৰেণীৰ জনসাধাৰণক অতীতৰ কথা পাহৰিবলৈ আৰু ক্ষমা কৰিবলৈ আহ্বান জনাইছে। ইম্ফলত এখন সংবাদমেল সম্বোধন কৰি হিংসাত্মক ঘটনা চম্ভালি লোৱাৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হোৱা সিঙে মণিপুৰত শান্তি ঘূৰাই অনা হৈছে বুলি দৃঢ়তাৰে উল্লেখ কৰে।
"এই গোটেই বছৰটো অতি দুৰ্ভাগ্যজনক। যোৱা ৩ মে'ৰ পৰা যি ঘটি আছে তাৰ বাবে ৰাজ্যবাসীৰ ওচৰত মই দুখিতঃ। এই ঘটনাত বহুতে আপোনজনক হেৰুৱাইছে। বহু লোকে ঘৰ এৰি থৈ গ’ল। মই অনুশোচনা অনুভৱ কৰিছো। ক্ষমা বিচাৰিছো। কিন্তু এতিয়া মই আশা কৰিছো যে ২০২৫ চনত ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিব। যোৱা তিনি-চাৰি মাহত ইতিমধ্যে ৰাজ্যখন শান্তিৰ দিশত আগবাঢ়িছে।"-সিঙে কয়।
#DDNGuwahati #News Manipur Chief Minister N Biren Singh expressed optimism for peace to return to the state in the upcoming year. In a message to the people of the state, the Chief Minister called for harmony and peace in the state@NBirenSingh #ddnewsassamese pic.twitter.com/08LoWWmcLC
— DD News Assamese (@ddnews_guwahati) December 31, 2024
২০২৩ চনৰ ৩ মে’ৰ পৰা সংৰক্ষণ আৰু অৰ্থনৈতিক সুবিধাক লৈ সংখ্যাগৰিষ্ঠ মেইটেই আৰু কুকিৰ মাজত বিক্ষিপ্ত হিংসাই মণিপুৰ কঁপাই তুলিছে। চলি থকা হিংসাত্মক পৰিস্থিতিত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।