নতুন দিল্লী
ভাৰতত পথ দুৰ্ঘটনাত দৈনিক ৪৫ টি শিশু-কিশোৰ নিহত হয়। ২০১১-২২ চনলৈ ভাৰতত সংঘটিত পথ দুর্ঘটনাসমূহত ১৮ বছৰ অনূর্ধ্বৰ শিশু-কিশোৰৰ মৃত্যুৰ সংখ্যা ১১৩ শতাংশলৈ বৃদ্ধি পাইছে। সকলোধৰণৰ পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰা লোকৰ ভিতৰত ১০ শতাংশই শিশু আৰু কিশোৰ।
বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু তন্ত্রিকা বিজ্ঞান সংস্থা চমুকৈ 'নিমহাছ' আৰু 'ইউনিচেফ'ৰ দ্বাৰা যুটীয়াভাৱে প্রকাশিত এখন প্রতিবেদনত বুধবাৰে এই উদ্বেগজনক তথ্য প্রকাশ পাইছে। প্রতিবেদনখনৰ মতে পথ দুৰ্ঘটনাত শিশুৰ মৃত্যুৰ ঘটনা ভাৰতত এতিয়া সুলভ হৈ পৰিছে।
এনে অৱস্থাত যিকোনো বাহনৰ সুৰক্ষাৰ ক্ষেত্ৰতো এই প্রতিবেদনখনে প্রশ্নৰ উদ্রেক ঘটাইছে। দেশত সর্বাধিক বিক্রী হোৱা ২৫ খন বাহনৰ সুৰক্ষাৰ পৰ্যালোচনা কৰাৰ পিচত এই তথ্য পোহৰলৈ আহিছে। ২০১১-২২ চনত ভাৰতত ১,৯৮,২৩৬ টা পথ দুর্ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰে ৭৫ শতাংশ দুর্ঘটনাতে ১৪-১৭ বছৰ বয়সৰ শিশু-কিশোৰ মৃত্যুমুখত পৰিছিল।