বিদেশৰ দ্বীপৰ সলনি মাজুলীক পৰ্যটন-বিবাহৰ স্থান হিচাপে বাছি লওক: সুধা মূৰ্তি

Story by  atv | Posted by  [email protected] • 3 d ago
বিদেশৰ দ্বীপৰ সলনি মাজুলীক পৰ্যটন-বিবাহৰ স্থান হিচাপে বাছি লওক: সুধা মূৰ্তি
বিদেশৰ দ্বীপৰ সলনি মাজুলীক পৰ্যটন-বিবাহৰ স্থান হিচাপে বাছি লওক: সুধা মূৰ্তি
 
নতুন দিল্লী
 
সংসদত প্রদান কৰা জীৱনৰ প্ৰথম ভাষণত লেখিকা, সমাজসেবিকা, শিক্ষিকা তথা প্রখ্যাত ছফ্টৱেৰ কোম্পানী ইনফ 'ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ পত্নী সুধা মূর্তিয়ে আজি অসমীয়া কলা-সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলীক লৈ বিহুল হৈ পৰে।
 
পর্যটন-বিবাহৰ গন্তব্যস্থল হিচাপে মাজুলীক বাছি লোৱাৰ বাবে সুধা মূৰ্তিয়ে আজি ৰাজ্যসভাৰ পৰা সমগ্র দেশবাসীক আহ্বান জনায়। অতি আড়ম্বৰতা বৰ্জন কৰি প্ৰকৃতিৰ কোলাত আশ্ৰয় লৈ মাজুলীৰ নিচিনা নির্মল সৌন্দর্য তথা সমৃদ্ধশালী সংস্কৃতিৰ মাজত বিবাহপাশত আবদ্ধ হোৱাৰ পৰামৰ্শ প্রদান কৰে বিশিষ্ট সমাজসেৱিকাগৰাকীয়ে।
 
ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত সাংসদ সুধা মূর্তিয়ে ৰাজ্যসভাত মূলতঃ মহিলাৰ স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে যদিও নিজৰ ভাষণত তেওঁ মাজুলীক লৈ প্রসংগ দাঙি ধৰে। তেওঁ কয়- বিবাহৰ গন্তব্যস্থল হিচাপে বহুতে বিদেশৰ দ্বীপসমূহক বাছি লয়। কিন্তু বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে মাজুলীৰ কথা দেশৰ ৯০ শতাংশ লোকেই নাজানে।
 
ইয়াতকৈ পৰিতাপৰ বিষয় আৰু কি হ'ব পাৰে। 'মাজুলী যদি আন বেলেগ কোনোবা দেশৰ দ্বীপ হ'লহেঁতেন, তেনেহ'লে দেশখনৰ ৰাইজে বিবাহ, মনোৰঞ্জন আৰু বিনোদনৰ ১ নম্বৰ গন্তব্য স্থল হিচাপে মাজুলীক বাছি ল'লেহেঁতেন'- ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে প্রদান কৰা অভিভাষণৰ বিতৰ্কত অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকাগৰাকীয়ে আজি এনেদৰে কয়।
 
মাজুলীৰ সত্ৰসমূহক নৱবৈষ্ণৱ মঠ হিচাপে চিহ্নিত কৰি নদীদ্বীপখনৰ পৰম্পৰাগত হস্তশিল্প আৰু স্থানীয় উৎসৱ আদিৰ কথাও তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে মূর্তিয়ে আজি মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্রদানৰ বাবেও কেন্দ্ৰীয় চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ আৰ্জি জনায়। মাজুলীৰ নিচিনা দেশৰ মুঠ ৫৭টা পর্যটনস্থলীকো অনুৰূপ মর্যাদা দিব লাগে বুলি সুধা মূর্তিয়ে মত ব্যক্ত কৰে।