জামিয়া মিলিয়া ইছলামিয়াত দুই ছাত্ৰ দলৰ মাজত সংঘৰ্ষ

Story by  atv | Posted by  [email protected] • 18 h ago
জামিয়া মিলিয়া ইছলামিয়াত দুটা ছাত্ৰ দলৰ মাজত সংঘৰ্ষ
জামিয়া মিলিয়া ইছলামিয়াত দুটা ছাত্ৰ দলৰ মাজত সংঘৰ্ষ
 
নতুন দিল্লী
 
জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰ-ছাত্ৰীয়ে দীপাৱলী উদযাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই হুলস্থুলৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি মঙলবাৰে সন্ধিয়া জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ চৌহদতে দীপাৱলী উদযাপন কৰি আছিল। জামিয়া দীপোৎসৱ ২০২৪ নামৰ এই কাৰ্যসূচীত দীপোৎসৱৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
 
কিন্তু যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে দীপাৱলী উদযাপন কৰি আছিল, একে সময়তে বাহিৰৰ পৰা একাংশ  ছাত্ৰ-ছাত্ৰীয়ে দীপাৱলী উদযাপন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অভিযোগ অনুসৰি বাহিৰৰ পৰা অহা ছাত্ৰৰ দলে গাড়ী চলাই দীপাৱলীৰ বন্তিসমূহ ভাঙি দিয়ে আৰু ৰংগলী নষ্ট কৰি পেলায়।
 
একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ কথাও পোহৰলৈ আহিছে। অভিযোগ কৰা হৈছে যে এই সময়ছোৱাত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ‘পেলেষ্টাইন জিন্দাবাদ’ৰ শ্লোগানও উত্থাপন কৰিছিল।
 
জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পি এইচ ডি ছাত্ৰ অভিষেক শ্ৰীবাস্তৱে সংবাদ মাধ্যমক জনাই যে বিশ্ববিদ্যালয়খন দীপাৱলীৰ বাবে বন্ধ দিয়া হৈছিল। ছাত্ৰ-ছাত্ৰীসকল যোৱাৰ আগতে তেওঁলোকে দীপাৱলী উদযাপনৰ সিদ্ধান্ত লৈছিল। সেয়েহে মঙ্গলবাৰে বিশ্ববিদ্যালয় চৌহদত দীপাৱলী উদযাপন কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ সাত নম্বৰ গেটৰ সমীপৰ গুলিস্তান-ই-গালিবত আয়োজন কৰা হয় দীপাৱলী কাৰ্যসূচী। এই কাৰ্যসূচীৰ বাবে বিশ্ববিদ্যালয় প্ৰশাসনৰ পৰা অনুমতি লোৱা হৈছিল আৰু কিছু অধ্যাপককো এই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল।
 
অভিষেক শ্ৰীবাস্তৱে বিশ্ববিদ্যালয় চৌহদত এহাজাৰ বন্তি প্ৰজ্জ্বলন কৰা বুলি কয়। ইয়াত বহু মুছলমান ছাত্ৰ-ছাত্ৰীয়েও সহযোগিতা আগবঢ়াইছিল। বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপকে বন্তি জ্বলাই কাৰ্যসূচী আৰম্ভ কৰে। বন্তি জ্বলোৱাৰ পিছত চৌহদত মিঠাই বিতৰণ কৰা হয় আৰু সকলো অতি শান্তিৰে চলি আছিল।
 
কিন্তু অভিযোগ অনুসৰি সন্ধিয়া প্ৰায় ৬:৩০ বজাত জামিয়াত পঢ়ি থকা একাংশ ছাত্ৰ-ছাত্ৰী আৰু বাহিৰৰ পৰা অহা কিছু লোকে কাৰ্যসূচীৰ মাজত আহি হুলস্থুলৰ সৃষ্টি কৰিবলৈ ধৰিলে। প্ৰথমে বন্তি সমূহ ভৰিৰে মোহাৰি নষ্ট কৰে আৰু ৰংগলীসমূহো নষ্ট কৰে, তাৰ পিছত দীপোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰা এটা বিশেষ শাখাৰ মহিলাসকলৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা হয়।
 
মহিলাসকলকো বিশেষ ধৰ্মীয় সাজ-পোছাক পৰিধান কৰি আহিবলৈ কোৱা হৈছিল। বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে এটা বিশেষ শ্ৰেণীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি শ্লোগান দি হুলস্থুলৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।


শেহতীয়া খবৰ