অসমত আধাৰ কাৰ্ডৰ আৱেদনকাৰীৰ বাবে নতুন চৰ্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 9 d ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে, ৰাজ্যত আধাৰ কাৰ্ডৰ বাবে নতুন আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদন ৰচিদ নম্বৰ দাখিল কৰিব লাগিব।
 
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আধাৰ কাৰ্ডৰ বাবে আবেদন জনসংখ্যাতকৈ বেছি... ই ইংগিত দিয়ে যে, সন্দেহজনক নাগৰিক আছে আৰু আমি সিদ্ধান্ত লৈছো যে নতুন আবেদনকাৰীয়ে তেওঁলোকৰ এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰ (এ আৰ এন) জমা দিব লাগিব।" 
 
মুখ্যমন্ত্রী শৰ্মাই কয় যে এই পদক্ষেপে “অবৈধ বিদেশীৰ আগমন বন্ধ কৰিব” আৰু ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্রদানৰ ক্ষেত্ৰত “অতি কঠোৰ” হ’ব৷
 
মুখ্যমন্ত্রী শৰ্মাই লগতে কয় যে, "অসমত আধাৰ পোৱাটো এতিয়া সহজ নহ’ব।" 
 
"ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) প্ৰক্ৰিয়াৰ সময়ত বায়’মেট্ৰিকত লক কৰা ৯.৫৫ লাখ লোকৰ ক্ষেত্ৰত এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰ দাখিল প্ৰযোজ্য নহ’ব, আৰু তেওঁলোকে কাৰ্ড লাভ কৰিব।" - মুখ্যমন্ত্রী শৰ্মাই লগতে কয়
 
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে “যোৱা দুমাহত কেইবাজনো বাংলাদেশীক গ্ৰেপ্তাৰ কৰি চুবুৰীয়া দেশৰ কৰ্তৃপক্ষক গতাই দিছে আৰু অবৈধ বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিব।”
 
বিগত সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত 'জনগাঁথনিগত পৰিৱৰ্তন’ৰ বিষয়টো উত্থাপন কৰি আহিছে। ২৮ আগষ্টত মুখ্যমন্ত্ৰী শৰ্মাই এই বিষয়ত শ্বেতপত্ৰৰ প্ৰতিশ্ৰুতি দিছিল। 
 
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "হিন্দু সংখ্যাগৰিষ্ঠতা থকা অঞ্চলটোত মুছলমানৰ সংখ্যা কেনেদৰে বৃদ্ধি পাইছে, সেই সম্পৰ্কে এখন বিস্তৃত শ্বেতপত্ৰ উলিয়াই আনিব। সাম্প্ৰদায়িক হিংসাৰ কোনো খবৰ নাই আৰু দুয়োটা সম্প্ৰদায়ে শান্তিপূৰ্ণভাৱে বাস কৰি আছে। কিন্তু আনটো দিশত এক বিপৰীত পৰিস্থিতি ঘটিছে।"
 
এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁ ‘মিঞা’ মুছলমানক ৰাজ্যখন “অধিগ্ৰহণ” কৰিবলৈ নিদিয়ে। তেওঁ কয়, "নামনি অসমৰ লোক উজনি অসমলৈ কিয় যাব? যাতে মিঞা মুছলমানে অসম দখল কৰিব পাৰে? আমি সেয়া হ’বলৈ নিদিওঁ।"