কনিষ্টবল দীপক কুমাৰক ৰাজহুৱা স্থানত নৃত্য প্ৰদৰ্শনৰ নিৰ্দেশ আৰজেডিৰ বিধায়ক তেজপ্ৰতাপ যাদৱৰ
নতুন দিল্লী
আৰজেডিৰ বিধায়ক তেজপ্ৰতাপ যাদৱৰ ৰাজহুৱা স্থানত নাচিবলৈ দিয়া নিৰ্দেশ মানি চলা কনিষ্টবল দীপক কুমাৰক বৰ্তমান পদৰ পৰা অপসাৰণ কৰা হৈছে। এক নিৰ্দেশত পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে কয় যে, কুমাৰৰ ঠাইত এতিয়া আন এজন কনিষ্টবলক প্ৰতিনিধি কৰা হৈছে।
শনিবাৰে পাটনাস্থিত নিজৰ বাসগৃহত হোলী উদযাপনৰ সময়ত যাদৱে আৰক্ষী জোৱানক নৃত্য প্ৰদৰ্শন কৰাৰ নিৰ্দেশ দিয়া এক ভিডিঅ’ভাইৰেল হোৱাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। এই ক্লিপটোৱে শাসকীয় এন ডি এ দলক চোকা সমালোচনাৰ লক্ষ্য কৰিছে।
ভিডিঅ’টোত যাদৱে আৰক্ষীক কোৱা শুনা গৈছে, এ চিপাহি, এটা গান বজোৱা হব, আৰু সেই গানটিত তুমি নৃত্য প্ৰদৰ্শন কৰিব লাগিব। বেয়ী নাপাবা হোলী হয়। নৃত্য প্ৰদৰ্শন কৰা নহলে তোমাক নিলম্বন কৰি দিয়া হব।
জেডিইউৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজীৱ ৰঞ্জন প্ৰসাদে মন্তব্য কৰে, 'জংগল ৰাজ' শেষ হৈছে যদিও লালু যাদৱৰ ৰাজকুমাৰে এজন আৰক্ষীক ভাবুকি দিছে যদিহে তেওঁ নাচিবলৈ দিয়া নিৰ্দেশনা পালন নকৰে তেন্তে ইয়াৰ পৰিণাম ভুগিব লাগিব। বিহাৰ এতিয়া সলনি হৈছে। তেজস্বী যাদৱ হওক, তেজ প্ৰতাপ যাদৱ হওক, বা লালু যাদৱৰ পৰিয়ালৰ কোনো সদস্যই হওক—এই পৰিৱৰ্তিত বিহাৰৰ পৰিবেশত এনে কাৰ্যৰ কোনো স্থান নাই বুলি তেওঁলোকে বুজিব লাগিব।
বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱাল্লাইও এই কাণ্ডক সমালোচনা কৰি কয়, যেনে পিতা, তেনে পুত্ৰ। প্ৰথমে পিতৃয়ে—মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত— নিজৰ সুৰত আইনক নচুৱাই বিহাৰক জংঘল ৰাজলৈ ৰূপান্তৰিত কৰিলে। এতিয়া ক্ষমতাৰ বাহিৰত থকাৰ পিছতো পুত্ৰই ভাবুকি আৰু হেঁচা প্ৰয়োগ কৰি একে কাম কৰিবলৈ চেষ্টা কৰিছে। তেওঁ আৰক্ষী জোৱানক নৃত্য প্ৰদৰ্শন নকৰিলে নিলম্বনৰ ভাবুকি দিয়ে। এয়াই প্ৰমাণ যে আৰজেডিয়ে 'জংঘলৰাজ'ত বিশ্বাস কৰে।