নতুন দিল্লী
অগ্নিকাণ্ড আৰু অত্যধিক ভিৰত মৃত্যুৰ ঘটনাৰ পিচত এইবাৰ প্ৰয়াগৰাজৰ কুম্ভমেলাস্থলীৰ পানীত ধৰা পৰিছে বিপজ্জনক বেক্টেৰিয়া। মহাকুম্ভক কেন্দ্ৰ কৰি এতিয়া ধর্মীয় বিশ্বাসৰ মহাসমুদ্র হৈ উঠিছে প্রয়াগৰাজৰ গংগা-যমুনা-সৰস্বতীৰ সংগমস্থলী। বিপজ্জনক বেক্টেৰিয়াৰ বাবেই এতিয়া ১২ পৃষ্ঠাত মহাকুম্ভত স্নান স্বাস্থ্যসন্মত হৈ থকা নাই বুলি প্রকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এখন প্ৰতিবেদনে।
এই প্রতিবেদনে স্বাভাৱিকতে হিন্দুসকলৰ ধৰ্মীয় বিশ্বাসত মোক্ষম আঘাত হানিলে। মহাকুম্ভৰ পানী দূষিত হোৱা সম্বন্ধীয় এই প্রতিবেদন ৰাষ্ট্ৰীয় পৰিবেশ আদালতত দাখিল কৰিছে কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদে। এই প্রতিবেদনত পৰিষদে আশংকা কৰিছে যে, মহাকুম্ভ চলি থকা সময়ছোৱাত নদীৰ পানীত বিপজ্জনক বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
জনামতে, ১২ আৰু ১৩ জানুৱাৰীত মহাকুম্ভস্থলীৰ নদীৰ পানী পৰীক্ষা কৰা হৈছিল। দেখা গৈছে যে বায়'কেমিকেল অক্সিজেন ডিমাণ্ডৰ নিৰিখত এই পানী স্নানৰ বাবে অনুপযুক্ত বুলি প্রমাণ হৈছে। ইয়াৰ লগতে ইয়াত ওলাইছে 'ফিকাল কলিফর্ম' বেক্টেৰিয়া। প্ৰদূষণ পৰিষদৰ প্রতিবেদনৰ ভিত্তিতে উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ পৰিষদক তলব কৰে ৰাষ্ট্ৰীয় পৰিবেশ আদালতে।
বুধবাৰে ভার্চুৱেলী আদালতত হাজিৰা দিব লাগিব যোগী আদিত্যনাথ চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ বিষয়াবৰ্গই। পৰিবেশ আদালতৰ বিচাৰপতি প্রকাশ শ্রীবাস্তৱৰ নেতৃত্বৰ পীঠে প্রতিবেদনখন পৰীক্ষা কৰি উত্তৰ প্রদেশ প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ পৰা ব্যাখ্যা বিচাৰিছে। নদীৰ পানীত প্ৰদূষণৰ মাত্রা কমাবলৈ ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে কি ব্যৱস্থা লৈছে, সেয়া জানিবলৈ বিচাৰে আদালতে।