আৰণ্যকৰ শিক্ষা বিষয়ক ২০ দিনীয়া গ্ৰীষ্মকালীন শিবিৰ; ৫০ গৰাকী শিক্ষাৰ্থীৰ অংশগ্ৰহণ

Story by  atv | Posted by  [email protected] • 1 Months ago
আৰণ্যকৰ শিক্ষা বিষয়ক ২০ দিনীয়া গ্ৰীষ্মকালীন শিবিৰ
আৰণ্যকৰ শিক্ষা বিষয়ক ২০ দিনীয়া গ্ৰীষ্মকালীন শিবিৰ
 
গুৱাহাটী
 
অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চলিত গ্ৰীষ্মকালীন ছুটীৰ সময়ত দৰং জিলাৰ ওৰাঙৰ চেঙেলীমৰা লুইত জাতীয় বিদ্যালয়ত আয়োজন কৰা ২০ দিনীয়া এক প্ৰকৃতি শিবিৰত ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
 
'ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন' (ডি এছ ডব্লিউ এফ)ৰ সাহায্য আৰু স্থানীয় বেচৰকাৰী সংস্থা 'ৱাইল্ড উইংছ' আৰু 'ফটাশিমলু ইক’ ডেভলপমেণ্ট কমিটী'ৰ সহযোগত ৫ৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰটোত শৈক্ষিক পাঠদান আৰু পাঠ্যক্ৰমৰ বহিৰ্ভূত কাম-কাজৰ লগতে পৰিৱেশ সজাগতা আৰু শিক্ষাকো  উদগনি যোগোৱা হয়।
 
এই শিবিৰত ছাত্ৰ-ছাত্ৰী সকলক ১৮ দিন  বিদ্যালয়ৰ কৰ্মচাৰী আৰু অতিথি শিক্ষকে শৈক্ষিক দিহা পৰামৰ্শ প্ৰদান কৰে আৰু দুদিন পৰিৱেশ, বন্যপ্ৰাণী আৰু সংৰক্ষণ ক্ষেত্ৰৰ বিশেষজ্ঞৰ দ্বাৰা পৰিৱেশ সজাগতা প্ৰশিক্ষণ দিয়া হয়।
 
গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকল
 
উদ্বোধনীৰ দিনা সমল ব্যক্তি হিচাপে শিবিৰত অংশগ্ৰহণ কৰা আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ পৰিচালক আৰিফ হুছেইনে বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণ বিষয়ক অধিবেশন পৰিচালনা কৰে।
 
তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী তথা আৰণ্যকৰ সদস্য ছাব্ৰিনা বেগমে পৰিৱেশ সংৰক্ষণ আৰু সজাগতা বিষয়ক  এখন অধিবেশন পৰিচালনা কৰে।
 
ফটাশিমলু ইক’ ডেভলপমেণ্ট কমিটীৰ সভাপতি বাহাৰুল ইছলাম আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল ইছলামেও ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে।
 
প্ৰকৃতি সংৰক্ষণত স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণক উদগনি যোগোৱাৰ উদ্দেশ্যে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সচেতন নাগৰিকৰ এটা বিশাল গোট সৃষ্টি কৰাৰ লক্ষ্যৰে আৰণ্যকে ডি এছ ডব্লিউ এফ আৰু স্থানীয় সহযোগীসকলৰ সহায়ত প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীৰ বাবে এনে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰে।