বান আৰু ভূমিস্খলনত ৰাজ্যত মৃত্যু লোকৰ সংখ্যা ৬২ লৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ক্ৰমান্বয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে অসমৰ বান পৰিস্থিতিয়ে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বান আৰু ভূমিস্খলনত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৬২ লৈ বৃদ্ধি পাইছে।   
 
সমগ্ৰ ৰাজ্যতে বৰ্তমানলৈ বানত আক্ৰান্ত হৈছে ২১,১৩,২০৪ জন লোক। চৰকাৰৰ তথ্য অনুসৰি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত হৈছে ধুবুৰী (৬,৪৮,৮০৬ জন আক্ৰান্ত), তাৰ পিছতে আছে দৰঙ (১,৯০,২৬১ জন), কাছাৰ (১,৪৫,৯২৬ জন), বৰপেটা (১,৩১,০৪১ জন) আৰু গোলাঘাট (১,০৮,৫৯৪জন)।        
 
স্থানচ্যুত হোৱা জনসাধাৰণক সহায়ৰ বাবে সাহায্য অভিযান অব্যাহত আছে। প্ৰায় ৩৯,৩৩৮ জন লোকে কৰ্তৃপক্ষই স্থাপন কৰা ৬৯৮ টা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ইয়াৰ উপৰিও ঘৰতে আৱদ্ধ হৈ থকা ৭,২৪,৩২২ জনতকৈ অধিক লোকক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে।   
 
কামৰূপ মহানগৰ জিলাত ব্ৰহ্মপুত্ৰ, ডিগাৰু আৰু কলং নদী উফন্দি উঠাৰ ফলত বিস্তৃত ভূমি বানত ডুব গৈছে সেয়েহে মহানগৰ প্ৰাধিকৰণে এক সতৰ্কবাণী জাৰি কৰিছে। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাৰ ওপৰিও বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে ওচৰতে থকা লোকসকলৰ বাবে যথেষ্ট ভাবুকিৰ সৃষ্টি কৰিছে।        
 
বৰষুণ কমি অহাৰ লগে লগে অৰুণাচলৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। বহু জিলাত ৬০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ভূমিস্খলনে সাতখন জিলাৰ যোগাযোগ বিছিন্ন হৈ পৰিছে। ৫ জুলাইত ৰাজ্যখনত নিৰবিচ্ছিন্নভাৱে হোৱা ধাৰাসাৰ বৰষুণ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে আইএমডিয়ে।    
 
মণিপুৰ আৰু মেঘালয়তো ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা। ৬ জুলাইলৈকে বংগ, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অতিপাত বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। অসম আৰু মেঘালয়ত ৭ জুলাইলৈকে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।