বাংলাদেশেৰে ব্যৱসায় বন্ধৰ সিদ্ধান্ত দিল্লীৰ গাড়ীৰ যন্ত্রাংশ ব্যৱসায়ীৰ

Story by  atv | Posted by  [email protected] • 19 h ago
বাংলাদেশেৰে ব্যৱসায় বন্ধৰ সিদ্ধান্ত দিল্লীৰ গাড়ীৰ যন্ত্রাংশ ব্যৱসায়ীৰ
বাংলাদেশেৰে ব্যৱসায় বন্ধৰ সিদ্ধান্ত দিল্লীৰ গাড়ীৰ যন্ত্রাংশ ব্যৱসায়ীৰ
 
নতুন দিল্লী
 
বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত চুবুৰীয়া দেশখনৰ সৈতে বাণিজ্যিক লেনদেন বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে দিল্লীৰ কাশ্মীৰী গেটৰ গাড়ীৰ যন্ত্রাংশ ব্যৱসায়ীসকলে।
 
বাংলাদেশত হিন্দু লোক আৰু মন্দিৰৰ ওপৰত আক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই ব্যৱসায়ীসকলৰ সংস্থাই এই সিদ্ধান্ত গ্রহণ কৰে। এই কথা প্রকাশ কৰিছে 'অট'ম'টিভ পার্টছ মাৰ্ঘেণ্টছ এছ'চিয়েচন'ৰ অধ্যক্ষ বিনয় নাৰংগে।
 
তেওঁ প্ৰকাশ কৰা মতে অহা ১৫ জানুৱাৰীলৈকে কাশ্মীৰী গে'ট অট' পার্টছ মার্কেটৰ পৰা বাংলাদেশলৈ গাড়ীৰ যন্ত্রাংশ ৰপ্তানি বন্ধ ৰখা হ'ব। ইয়াৰ ফলত চুবুৰীয়া দেশখনৰ গাড়ী মেৰামতি খণ্ডত প্ৰভাৱ পৰিব বুলিও তেওঁ উল্লেখ কৰে।