দিল্লী বিধানসভাত বিৰোধীৰ আসনত বহিব চাৰিজন নিৰ্বাচিত মুছলমান বিধায়ক

Story by  atv | Posted by  [email protected] • 1 Months ago
পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আমানাতুল্লাহ খান আৰু ইমৰাণ হুছেইন
পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আমানাতুল্লাহ খান আৰু ইমৰাণ হুছেইন

নতুন দিল্লী

দিল্লীত মুছলমানৰ জনসংখ্যা ১২ শতাংশ আৰু মন কৰিবলগীয়া যে এইবাৰ দিল্লী বিধানসভাত এই সম্প্ৰদায়টোৰ ৫.৮ শতাংশ প্ৰতিনিধিত্ব থাকিব। সদ্য সমাপ্ত দিল্লী নিৰ্বাচনত ৭০ জনীয়া বিধানসভালৈ নিৰ্বাচিত হোৱা চাৰিজন মুছলমান হৈছে বিজেপিৰ হাতত বৃহৎ পৰাজয়ৰ সন্মুখীন হোৱা আম আদমি পাৰ্টিৰ।
 
নিৰ্বাচনত জয়লাভ কৰা চাৰিজন মুছলমান প্ৰাৰ্থী হ’ল-বালীমাৰান সমষ্টিৰ পৰা ইমৰাণ হুছেইন, মাটিয়ামহল সমষ্টিৰ পৰা আলী মহম্মদ ইকবাল, অখলা সমষ্টিৰ পৰা অমানতুল্লাহ খান আৰু ছিলমপুৰ সমষ্টিৰ পৰা চৌধুৰী জুবাইৰ আহমেদ। তেঁওলোকে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলৰ পৰা বিজেপিৰ প্ৰতিদ্বন্দ্বীসকলক অনায়াসে পৰাস্ত কৰিবলৈ সক্ষম হয়।
 
বালিমাৰানৰ বৰ্তমানৰ বিধায়ক ইমৰাণ হুছেইনে তেওঁৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী বিজেপিৰ আমান বাগৰীক ২৯,৮২৩ ভোটত পৰাস্ত কৰে। মাটিয়ামহল সমষ্টিৰ পৰা আলি মহম্মদ ইকবালে বিজেপিৰ দীপ্তি ইন্দোৰাৰ বিৰুদ্ধে ৪২,৭২৪টা ভোটৰ ব্যৱধানত জয়ী হয়। একেদৰে, বিজেপিৰ মনীষ চৌধাৰীক ২৩,৬৩৯ ভোটত পৰাস্ত কৰি অখলাৰ পৰা অমানতুল্লাহ খান বিধানসভালৈ নিৰ্বাচিত হয়।
 
ইফালে, অনিল কুমাৰ শৰ্মা গৌৰক ৪২,৪৭৭ ভোটত পৰাস্ত কৰি ছিলমপুৰৰ পৰা জয়ী হয় চৌধুৰী জুবাইৰ আহমেদ। আপৰ বাবে বদৰপুৰ, আৰু চান্দনী চ’কৰ দৰে অমুছলমান প্ৰাৰ্থীক প্ৰক্ষেপ কৰা মুছলমান প্ৰধান সমষ্টিসমূহৰ ফলাফল আছিল সান্ত্বনাদায়ক। ইয়াৰ ভিতৰত দলটোৱে হেৰুওৱা একমাত্ৰ আসনখন আছিল উত্তৰ-পূব দিল্লীৰ মুস্তাফাবাদ, য’ত বিজেপিৰ প্ৰাৰ্থী মোহন সিং বিষ্টে আপৰ প্ৰাৰ্থী আদিল আহমেদ খানক ১৭৫৭৮টা ভোটত পৰাস্ত কৰে।
 
মহম্মদ ইকবাল আৰু চৌধুৰী জুবাইৰ আহমেদ
 
আমোদজনক কথাটো হ’ল ২০২০ চনৰ দিল্লী দাঙ্গাৰ অভিযুক্ত জামিনত থকা এআইএমআইএমৰ তাহিৰ হুছেইন দ্বিতীয় ৰানাৰ-আপ আছিল। চান্দনী চক বিধানসভাৰ আসনত ১৬৫৭২টা ভোটত জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী পাণ্ডাৰদীপ সিঙে। ইয়াত বিজেপিৰ সতীশ জৈনে দ্বিতীয় আৰু কংগ্ৰেছৰ মধেশ আগৰৱালে তৃতীয় স্থান লাভ কৰে। আম আদমি পাৰ্টিৰ গোপাল ৰায়ে বদৰপুৰৰ পৰা ১৮৯৯৪ টা ভোটৰ ব্যৱধানত বিজেপিৰ অনিল কুমাৰ বশিষ্ঠক পৰাস্ত কৰে।
 
৩৪ বছৰীয়া আলে মহম্মদ ইকবালে নিৰ্বাচনত সৰ্বাধিক ভোট (৪২,৭২৪)ত জয় সাব্যস্ত কৰে। তেওঁ লাভ কৰে ৫৮,১২০টা ভোট। এই জয়েৰে মহম্মদ ইকবালে মাটিয়া মহল সমষ্টিত তেওঁলোকৰ পৰিয়ালৰ দখল বজাই ৰাখিবলৈ সক্ষম হৈছে। এই সমষ্টিৰ বিদায়ী বিধায়ক তেওঁৰ পিতৃ শ্বোৱেইব ইকবালে ১৯৯৩ চনৰ পৰা সমষ্টিটোৰ পৰা একেৰাহে ছবাৰ জয়লাভ কৰিছে। শ্বোৱাইবে ইয়াৰ পূৰ্বে জেডি, জেডি(এছ), এলজেপি, জেডি(ইউ), আৰু কংগ্ৰেছৰ অংশ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো দলৰ নিৰ্বাচনী জয় নিশ্চিত কৰিছিল।
অখলাৰ দুবাৰৰ বিধায়ক অমানুল্লাহ খান (৫০) অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ বাবে আছিল এক বিশিষ্ট মুছলমান মুখ। এআইএমআইএমৰ প্ৰাৰ্থী শ্বিফা উৰ ৰেহমান খানৰ উপস্থিতিয়ে তেওঁৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সময়তে অখলা সমষ্টিৰ পৰা ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰে আমানতুল্লাহ খানে।
 
উল্লেখ্য যে, ২০১৫ চনত আপত যোগদান কৰি অখলা আসনৰ পৰা নিৰ্বাচিত হৈছিল খান। ৱাকফ ব’ৰ্ডৰ মুৰব্বী নিৰ্বাচিত হোৱাৰ লগতে ২০১৯-২০ বৰ্ষত শ্বাহীন বাগত নাগৰিকত্ব (সংশোধনী) আইন আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তো তেওঁ চৰ্চা লাভ কৰিছিল। যদিও আপ-এ প্ৰতিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিছিল, তথাপিও খানে বিক্ষোভত অংশ লৈছিল।
 
যোৱা বছৰ তেওঁ অখলাত ৩৬ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত ইডি (Enforcement Directorate)এ গ্ৰেপ্তাৰ কৰিছিল। কিন্তু দিল্লীৰ আদালতে অভিযোগ নাকচ কৰি তেওঁক জামিন মঞ্জুৰ কৰি অনুমোদনৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ৱাল্ড চিটিৰ ব্যৱসায়িক পৰিয়ালৰ পৰা অহা ইমৰাণ হুছেইনে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আৰু পিছলৈ আতিছিৰ নেতৃত্বত আপ চৰকাৰত খাদ্য আৰু অসামৰিক যোগান আৰু নিৰ্বাচন মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
তেওঁ ২০১৫ চনৰ পৰা আপৰ সৈতে জড়িত হৈ আছে। ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত বালীমাৰান সমষ্টিত ৬৩.৮৭% ভোটাৰৰ ভোটদানৰ সাক্ষী হৈছিল। ৪৪ বছৰীয়া চৌধুৰী জুবাইৰ আহমেদও ৰাজনৈতিক পৰিয়ালৰ পৰা অহা ব্যক্তি। তেওঁৰ পিতৃ চৌধুৰী মতীন আহমেদ ১৯৯৩ চনৰ পৰা ২০১৫ চনলৈ ছিলামপুৰৰ পৰা পাঁচবাৰৰ কংগ্ৰেছ বিধায়ক আছিল।
 
২০২৫ চনৰ নিৰ্বাচনৰ ঠিক আগতেই মতীনে কংগ্ৰেছ এৰি আপত যোগদান কৰে আৰু দলে তেওঁৰ পুত্ৰক ছিলামপুৰৰ পৰা প্ৰক্ষেপ কৰে। উত্তৰ পূৱ দিল্লী লোকসভা সমষ্টিৰ মুছলমান সংখ্যাগৰিষ্ঠ আসন ছিলামপুৰ বিধানসভাৰ আসনখনে সদায় এজন মুছলমানক নিৰ্বাচিত কৰি আহিছে।