নতুন দিল্লী
বৃহস্পতিবাৰে দিল্লীৰ বিশেষ কোষে (Delhi’s Special Cell) ড্ৰাগছ সম্পৰ্কীয় গোচৰত গেংষ্টাৰ হাছিম বাবাৰ পত্নী জোয়া খানক গ্ৰেপ্তাৰ কৰে। প্ৰায় এক কোটি টকা মূল্যৰ ২৭০ গ্ৰাম হেৰ’ইনসহ তেওঁক গ্ৰেপ্তাৰ কৰা হয়। গেংষ্টাৰ স্বামীৰ অবৈধ অভিযান তেওঁ পৰিচালনা কৰা বুলি জানিও আৰক্ষীয়ে জোয়াৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰিব পৰা নাছিল।
গেংষ্টাৰ হাছিম বাবা সম্প্ৰতি হত্যা, ধন দাবী, আৰু অস্ত্ৰ উলংঘাৰ একাধিক গোচৰত তিহাৰ জেলত আছে। হাছিম বাবাৰ তৃতীয় পত্নী জোয়া খানে ২০১৭ চনত প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি হাছিম বাবাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
সূত্ৰসমূহে জনোৱা মতে, জোয়াই আৰক্ষীৰ চকুক ধূলি মাৰি নিজৰ অবৈধ ব্যৱসায় পৰিচালনা কৰা আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰ্কাৰৰ দৰেই ভূমিকা পালন কৰিছিল। জোয়াই জেলৰ বাহিৰৰ পৰাই গেংটোৰ কাৰ্যকলাপ চম্ভালি আছিল, ধন দাবী আৰু অন্যান্য অপৰাধত সহায় কৰিছিল।
স্পেচিয়েল চেলৰ সূত্ৰৰ মতে, জোয়াই আড়ম্বৰপূৰ্ণ জীৱনশৈলী উপভোগ কৰিছিল। তেওঁ প্ৰায়ে হাই প্ৰফাইল পাৰ্টিত অংশগ্ৰহণ কৰিছিল আৰু দামী ব্ৰেণ্ডৰ কাপোৰ প্ৰদৰ্শন কৰিছিল, যিটো তেওঁৰ ছ’চিয়েল মিডিয়াত দেখা গৈছে। তেওঁ নিয়মিতভাৱে জেলত বাবাক লগ কৰিছিল আৰু তেওঁলোকে গেঙৰ অভিযান অব্যাহত ৰখা, অবৈধ ধন দাবী, আৰু টাৰ্গেট এচাইনমেণ্টৰ বিষয়ে বিভিন্ন সময়ত বৈঠকৰ আয়োজন কৰিছিল।
বছৰ বছৰ ধৰি আৰক্ষীয়ে জোয়াক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ সদায় গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছিল। কিন্তু অৱশেষত বিশেষ কোষৰ এচিপি সঞ্জয় দত্ত আৰু পৰিদৰ্শক সন্দীপ দবাছে ড্ৰাগছৰ গোচৰত লেডী ডন জোয়া খানক আৱদ্ধ কৰিবলৈ সক্ষম হয়।