গুৱাহাটী
গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েচনৰ পৰা পদত্যাগ কৰিছে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই। গুৱাহাটী হাইক'ৰ্ট স্থানান্তৰৰ ক্ষেত্ৰত বাৰ এছ'চিয়েচনৰ পক্ষত থাকিব নোৱৰাৰ বাবেই পদত্যাগ কৰিছে মহাধিবক্তাগৰাকীয়ে।
বাৰ এছ'চিয়েচনৰ পৰা পদত্যাগৰ কথা জনাই এছ'চিয়েচনৰ সভাপতি কমল নাৰায়ণ চৌধুৰীৰ হাতত পদত্যাগ পত্ৰ অর্পণ কৰিছে দেৱজিৎ শইকীয়াই।
পদত্যাগ পত্ৰখনত পদত্যাগৰ কাৰণ দর্শাই মহাধিবক্তাগৰাকীয়ে কয়- 'গুৱাহাটী হাইক'ট স্থানান্তৰৰ ক্ষেত্ৰত চৰকাৰ নীতিৰ পক্ষত মই থাকিবলৈ বাধ্য। মহাধিবক্তা হিচাপে চৰকাৰৰ ন্যায়ালয় স্থানান্তৰৰ নীতিৰ পক্ষত মই থাকিব লাগিব।' গতিকে এই ক্ষেত্রত বাৰ এছ'চিয়েচনৰ সদস্য হিচাপে থাকিলে কিছু অসুবিধা হ'ব বুলিও মহাধিবক্তাগৰাকীয়ে কয়।