গুৱাহাটী
মাহজোৰা ৰমজানৰ ৰোজাৰ অন্তত ৩১ মার্চত অৰ্থাৎ সোমবাৰে সমগ্র ৰাজ্যজুৰি ইছলামধর্মী লোকসকলে পবিত্র ঈদ-উল-ফিতৰ উদযাপন কৰিব। সেই অনুসৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক প্রস্তুতি চলিছে। ৰং-বিৰঙী লাইটেৰে সজাই-পৰাই তোলা হৈছে মহানগৰীৰ মছজিদসহ বাট-পথসমূহ।
৩১ মার্চত (জোন দেখাৰ সাপেক্ষে) পবিত্র ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ পূব গুৱাহাটী ঈদগাহ সমিতিয়ে ইছলামপুৰত পুৱা ৯ বজাত আদায় কৰিব বুলি সভাপতি নেকিবুৰ জামান আৰু সম্পাদক ছাজিদ ৰহমান স্বাক্ষৰিত এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।
উক্ত নামাজত ইমামতি কৰিব ইছলামপুৰ জামে মছজিদৰ পেছ ইমাম হাফিজ কাৰি মৌলানা মঃ ৰিয়াজউদ্দিন কাছিমীয়ে। নামাজৰ আগে আগে ঈদগাহ, কবৰ স্থান, লাৱাৰিছ আৰু ইমাম চাহাবৰ হাদিয়া সংগ্ৰহ কৰা হ'ব। নামাজ নির্ধাৰিত সময়ত আৰম্ভ কৰাৰ বাবে সকলোকে পুৱা ৮.৩০ বজাত ঈদগাহ ময়দানত আসন গ্রহণ কৰিবলৈ অনুৰোধ জনায়।
তদুপৰি পবিত্র ঈদল-ফিতৰৰ সমূহীয়া নামাজ সেইদিনা গুৱাহাটীৰ আমবাৰিস্থিত বুঢ়া জামে মছজিদত পুৱা ৮.৩০ বজাত (জোন দেখাৰ সাপেক্ষে) অনুষ্ঠিত হ'ব। এই নামাজত ইমামতি কৰিব বুঢ়া জামে মছজিদৰ স্থায়ী ইমাম জোনাব মৌলনা আনোৱাৰ হুছেইনে।
একেদৰে সোমবাৰে মাছখোৱাৰ গুৱাহাটী ঈদগাহ ময়দানত ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে সেইদিনা পুৱা ৯:৩০ বজাত।
আনহাতে গাড়ীগাঁও ঈদগাহ কমিটীৰ উদ্যোগত গাড়ীগাঁও ঈদগাহ ময়দানত ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে পুৱা ৯ বজাত। গাড়ীগাঁৱত ঈদৰ নামাজৰ ইমামতি কৰিব হজৰত মৌলানা শ্বেখ চাহাবুদ্দিন আহমেদে।