চামগুৰিত নিৰ্বাচনী প্ৰাচৰ সভাত মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা (ফাইল ফটো)
গুৱাহাটী
সম্পূৰ্ণ তিনি দশক ধৰি কংগ্ৰেছ আৰু হুছেইন পৰিয়ালে ৰাজত্ব কৰি অহা নগাঁওৰ চামগুৰি বিধানসভা সমষ্টিটো অৱশেষত বিজেপিয়ে দখল কৰিলে। আজি ঘোষিত উপ-নিৰ্বাচনৰ ফলাফলত বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই ঐতিহাসিক জয়েৰে চামগুৰিত কংগ্ৰেছৰ দীঘলীয়া শাসন কালৰ অন্ত পেলায়।
২০০১ চনৰ পৰা ৰকিবুল হুছেইনৰ অধীনত থকা সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ৰকিবুল-পুত্ৰ তাঞ্জিল হুছেইন। সংখ্যালঘু ৰাইজৰ মাজত থকা পিতৃৰ প্ৰভাৱক সাৰথি কৰি নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা তাঞ্জিলক লৈ কংগ্ৰেছ দল যথেষ্ট আত্মবিশ্বাসী আছিল যদিও বিজেপিৰ শক্তিশালী প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ ওপৰত সমষ্টিবাসীয়ে এইবাৰ আস্থা প্ৰকাশ কৰে। কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক তেওঁ মুঠ ২৬,২০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰি সংখ্যালঘু অধ্যুষিত চামগুৰিত বিজেপিৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, ২০০১ চনৰ নিৰ্বাচনত চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে জয়ী হৈছিল ৰকিবুল হুছেইন। তাৰ পাছত ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ত সমষ্টিটোৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০১ৰ পৰা মুঠ ২৩ বছৰ এই সমষ্টিটোৰ বিধায়ক হৈ থকা ৰকিবুল হুছেইনে ২০২৪ত ধুবুৰীৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাত বিধায়ক হিচাপে পঞ্চমটো কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।
মনকৰিবলগীয়া যে, ৰকিবুলৰ ২৩ বছৰীয়া আধিপত্যৰ পূৰ্বে চামগুৰি সমষ্টিত ৰকিবুলৰ পিতৃ নৰুল হুছেইন ৭বছৰ ধৰি বিধায়ক হৈ আছিল। এইদৰে মুঠ ৩০ বছৰ পিতা- পুত্ৰই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰাৰ পাছত আজি বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মাই ইতিহাস ৰচি জয় সাব্যস্ত কৰে।
ফলাফল ঘোষণাৰ পিছতে দীপ্লু ৰঞ্জন শৰ্মাই চামগুৰিবাসীক তেওঁৰ ওপৰত আস্থা ৰখাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ‘এই বিজয় জনসাধাৰণৰ। আমি অঞ্চলটোলৈ উন্নয়ন আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে অক্লান্তভাৱে কাম কৰিম।’-শৰ্মাই কয়।
ইফালে, অসমৰ উপ-নিৰ্বাচনৰ ফলাফলত বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৫০,৯৪৭টা ভোটেৰে জয় নিশ্চিত কৰিবলৈ সক্ষম হৈছে। ঘাটোৱালে তেওঁৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ৯,০৫১ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
আনহাতে, নামনি অসমৰ এটা উল্লেখযোগ্য সমষ্টি বঙাইগাঁওত বিজেপি নেতৃত্বাধীন এনডিএচ চৰকাৰৰ অন্যতম অংশীদাৰ এজিপিয়ে বিজয় সাব্যস্ত কৰিছে। অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাক ২৯,৬৬৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। দীপ্তিময়ী চৌধুৰী হৈছে বিগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা জয়ী হোৱা জেষ্ঠ অগপ নেতা ফণী ভূষণ চৌধুৰীৰ পত্নী।
ছিদলী (এছ টি) সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ শুদ্ধ কুমাৰ বসুমতাৰীক ৩৭,০১৬ ভোটৰ ব্যৱধানত পৰাস্ত কৰি সমষ্টিটো দখল কৰে। ব্ৰহ্মই ৯৫,২৪৩টা ভোট লাভ কৰাৰ বিপৰীতে বসুমতাৰীয়ে ৫৮,২২৭টা ভোট লাভ কৰে। সমষ্টিটোৰ তৃতীয়জন প্ৰাৰ্থী কংগ্ৰেছৰ সঞ্জীব ৱাৰীয়ে মাত্ৰ ৭,৬৩৪টা ভোট লাভ কৰিয়ে সন্তুষ্ট থাকে। ইয়াৰ পূৰ্বে এই আসনখন চলিত বৰ্ষৰ আৰম্ভণিতে লোকসভালৈ নিৰ্বাচিত হোৱা ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ দখলত আছিল।
আনহাতে, ধলাই সমষ্টিত বিজেপিৰ নিহাৰ ৰঞ্জন দাস বিজয়ী হয়। তেওঁ ৬৮,৭৫৯ টা ভোট লাভ কৰা বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৫৯,৭৪২টা ভোটত সন্তুষ্টি থাকে। উল্লেখ্য যে, অসমৰ উপ-নিৰ্বাচনত ৯ লাখৰো অধিক ভোটাৰে ১০৭৮টা কেন্দ্ৰত ভোটদান কৰি মুঠ ৩৪জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে।
এই উপ-নিৰ্বাচনত বিজেপিয়ে তিনিটা সমষ্টি ক্ৰমে বিহালী, চামগুৰি আৰু ধলাইত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে মিত্ৰ দল অগপ আৰু ইউপিপিএলে ক্ৰমে বঙাইগাঁও আৰু ছিদলীত প্ৰতিদ্বন্দ্বিতা কৰে।