আৱাজ-দ্য ভইচ অসম ব্যুৰ'
প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ-পূৱ ভাৰতত শেহতীয়াকৈ বন্যপ্ৰাণী অপৰাধে এক অন্যতম গুৰুতৰ সংকটৰূপে মূৰ দাঙি উঠিছে। ড্ৰাগছ, আগ্নেয়াস্ত্ৰ আৰু মানৱ সৰবৰাহৰ অপৰাধৰ সৈতে নিকট সম্পৰ্ক থকা আৰু বিশ্বক চানি ধৰা এই অপৰাধ ৰোধ কৰাটো দুৰূহ হৈ পৰিছে। এই পৰিস্থিতিৰ বলি হোৱা বিভিন্ন উদ্ভিদ আৰু প্ৰাণীসমূহৰ ভিতৰত বিশ্বজুৰি বৰ্তমান সৰ্বাধিক সৰবৰাহ হোৱা স্তন্যপায়ী প্ৰাণী বনৰৌ, বিশেষকৈ চীনা বনৰৌ (Manis pentadactyla) আৰু ভাৰতীয় বনৰৌ (Manis crassicaudata), অসম আৰু উত্তৰ-পূবত এক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে।
অবাধ চোৰাং চিকাৰ আৰু অবৈধ ব্যৱসায়ৰ নেটৱৰ্কে এই লাজকুৰীয়া, নিশাচৰ প্ৰাণীবিধক বিলুপ্তিৰ পথলৈ ঠেলি দিছে। ২০২২ চনত সংশোধিত বন্যপ্ৰাণী (সুৰক্ষা) আইন-১৯৭২ৰ ১ নং অনুসূচীৰ অধীনত ভাৰতত লাভ কৰা সুৰক্ষা আৰু আই ইউ চি এনৰ “ৰেড লিষ্ট”ত “অতি বিপন্ন” প্ৰাণী হিচাপে চিহ্নিত কৰাৰ পাছতো ইহঁতক বাকলি আৰু আৰু মাংসৰ বাবে অবাধে বধ কৰাৰ ঘটনা অব্যাহত আছে। বনৰৌৰ বাকলিৰ ঔষধি গুণ আছে বুলি এছিয়াৰ কেতবোৰ দেশত অপবিশ্বাস আছে।
অৰণ্যত খাদ্য বিচাৰি ফুৰা এটা বনৰৌ
বনৰৌ জব্দ আৰু গ্ৰেপ্তাৰৰ শেহতীয়া তথ্যই এক ভয়াবহ ছবি দাঙি ধৰিছে:
* ২০১৮ ৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতত বনৰৌ সৰবৰাহৰ ৩৪২টা ঘটনা ধৰা পেলোৱা হৈছিল আৰু এই ঘটনাত ১২০০ৰো অধিক লোক জড়িত হৈ আছিল।
* বন্যপ্ৰাণী সৰবৰাহৰ এটা প্ৰধান পথ উত্তৰ-পূৱ ভাৰতত উদ্বেগজনক হাৰত বনৰৌ জব্দ হোৱাৰ সমান্তৰালকৈ অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ এই অপৰাধৰ কুখ্যাত ঘাটিত পৰিণত হৈছে।
* শেহতীয়া অভিযানত বহুকেইজন চোৰাংচিকাৰী আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে, তথাপিও বৃহৎ আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটৰে যোগসূত্ৰ থকা এই অবৈধ ব্যৱসায় অব্যাহত আছে।
উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইৰ স্থানীয় চিকাৰীসকল বনৰৌৰ চিকাৰ আৰু ব্যৱসায়ত জড়িত বুলি আৰ্থ-সামাজিক অধ্যয়নত, বিশেষকৈ অসমত চলোৱা অধ্যয়নত পোহৰলৈ আহিছে। এটা বনৰৌৰ বাকলিয়ে এই চিকাৰীসকলক কেতিয়াবা এবাৰতে প্ৰায় চাৰি মাহৰ সমান উপাৰ্জন দিয়াৰ ফলত বাহ্যিক চাহিদা-চালিত এই চোৰাং চিকাৰ এক লাভজনক কামত পৰিণত হৈছে। এই পৰিস্থিতিৰ মাজতে উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ইয়াৰ আইনী আৰু ওকালতি বিভাগৰ জৰিয়তে এই সংকটৰ মোকাবিলা কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। আৰণ্যকে বহুমুখী প্ৰচেষ্টাৰ বনৰৌৰ সৰবৰাহ প্ৰতিৰোধ অভিযানৰ নেতৃত্ব দি আহিছে।
সৰবৰাহৰ কৰা বনৰৌ উদ্ধাৰ
সজাগতা আৰু সামৰ্থ্য বিকাশ: সশস্ত্ৰ সীমা বল (এছ এছ বি) আৰু অন্যান্য আইন বলৱৎকাৰী আৰু সীমান্ত সুৰক্ষা সংস্থাসমূহৰ সৈতে সহযোগিতাৰে আৰণ্যকে ভাৰতৰ উন্মুক্ত সীমান্তত সতৰ্কতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহিছে।
স্থানীয় লোকৰ নিৰীক্ষণ : স্থানীয় লোকসকলক চোৰাং চিকাৰীৰ বিৰুদ্ধে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা হিচাপে কাম কৰিবলৈ সমৰ্থবান কৰি মূল অঞ্চলসমূহত স্থানীয় লোকসকলক লৈ পৰিদৰ্শন আৰু নিৰীক্ষণ দলৰ (চিএছএমটি) গঠন।
আইনী আৰু নীতি ওকালতি : বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু আইনী প্ৰক্ৰিয়াত সংস্থাসমূহক সহায় কৰি আইন বলৱৎকৰণ ব্যৱস্থাৰ শক্তিশালীকৰণ।
DETERS: আৰণ্যকৰ D.E.T.E.R.S. (বিপন্ন আৰু বিৰল প্ৰজাতিৰ ব্যৱসায় প্ৰতিহত আৰু নিৰ্মূল) অভিযানে বনৰৌৰ অবৈধ ব্যৱসায়ৰ নেটৱৰ্ক প্ৰতিহত কৰাত প্ৰধান ভূমিকা পালন কৰিছে। চিএছএমটি আৰু আইন বলৱৎকাৰী সংস্থাসমূহক সঠিক চোৰাংচোৱা আৰু ডিজিটেল নিৰীক্ষণ সঁজুলিৰে সহায় কৰি D.E.T.E.R.S. য়ে উত্তৰ-পূব ভাৰতত বন্যপ্ৰাণী অপৰাধৰ ছিণ্ডিকেটসমূহ ধ্বংস কৰাৰ প্ৰচেষ্টাক শক্তি যোগাইছে।
বনৰৌৰ বাকলিৰ সৈতে অবৈধ ব্যৱসায় গ্ৰেপ্তাৰ
ব্যৱস্থা গ্ৰহণৰ আহ্বান : উত্তৰ-পূব ভাৰতত বনৰৌ অতিশয় বিপদসংকুল পৰিস্থিতিত আছে। বনৰৌৰ চোৰাং হত্যা আৰু ব্যৱসায় ৰোধ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন আইন বলৱৎকাৰী সংস্থাৰ লোকসকলৰ মাজত সংবেদনশীলতা আৰু সজাগতা সৃষ্টিৰ অৰ্থে সক্ৰিয় প্ৰচেষ্টা গ্ৰহণৰ সময় আহি পৰিছে। টীম আৰণ্যক এই দিশত গ্ৰহণ কৰা যিকোনো পদক্ষেপৰ সহযোগী হ’বলৈ অগ্ৰহী। তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এই উল্লেখনীয় জীৱবিধক চিৰদিনৰ বাবে হেৰুৱাব লাগিব।
অৱশ্যে যোৱা বছৰৰ আৰম্ভণিতে অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত পোৱা বনৰৌৰ আন এক প্ৰজাতিৰ (ভাৰত-বাৰ্মিজ বনৰৌ) আৱিষ্কাৰে এই জটিল সময়ত আন এক আশাৰ সঞ্চাৰ কৰিছে। আইন বলৱৎকৰণ প্ৰক্ৰিয়াৰ সবলীকৰণ, স্থানীয় লোকৰ অংশগ্ৰহণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আদি পদক্ষেপে এই বিপন্ন প্ৰায় প্ৰজাতিবোৰৰ অস্তিত্ব বজাই ৰখাত প্ৰধান ভূমিকা পালন কৰিব পাৰে। অধিক বিলম্ব হোৱাৰ পূৰ্বে এতিয়াই ব্যৱস্থা লোৱাৰ সময়। পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ জৰিয়তে আমি এই সুন্দৰ আৰু অমূল্য প্ৰজাতিবোৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে এক বৃহৎ আৰু ইতিবাচক পৰিৱৰ্তন আনিব পাৰিম বুলি নিশ্চিত।
বনৰৌ সম্বন্ধীয় অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি ডঃ জিমি বৰা (+৯১ ৯৯৫৭৫৭০৪৬৮), আইভি ফাৰহিন হুছেইন (+৯১ ৮৬৩৮৩৪১৫৭২) আৰু ডঃ বিভাব তালুকদাৰ (+৯১ ৯৪৩৫১১৩১৩৯) এই তিনিগৰাকী বিষয়াৰ যিকোনো এজনৰ সৈতে যোগাযোগ কৰিব পাৰে।
(আজি বিশ্ব বনৰৌ দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে)